Site icon Guwahati Times

অভিভাৱকৰ কি কথাই সন্তানৰ মগজুত বেয়া প্ৰভাৱ পেলাই জানি লওক

শিশুসকল অতিপাত ‘এটেনশ্যন চিকাৰ’। তেওঁলোকে সদায়েই সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ বিচাৰি থাকে। বিশেষকৈ পিতৃ-মাতৃৰ।কেতিয়াবা এনে স্বভাৱৰ বাবে শিশুসকলে পিতৃ-মাতৃৰ গালি শুনিব লগীয়াও হয়।আচলতে গালি দিয়াটো শিশুৰ লালন-পালনৰ এটা অংশ। কিন্তু বহুসময়ত অভিভাৱকসকলে খং কৰি শিশুসকলক কোৱা কেতবোৰ কথাই শিশুটিৰ মনত আঘাত দিব পাৰে।কি কথাই এটা শিশুক মানসিকভাৱে আঘাত কৰিব পাৰে, আজি সেই বিষয়ে জানো আহক-

মূৰ্খ বুলি নক’ব

পিতৃ-মাতৃয়ে কেতিয়াবা খং কৰি তেওঁলোকৰ সন্তানক মূৰ্খ বুলিবলৈ আৰম্ভ কৰে।এনেকৈ কোৱাৰ ফলত শিশুটিৰ আত্মবিশ্বাস ভাঙি পৰে।এই শব্দটো এক প্ৰকাৰৰ উৎপীড়ন, যিয়ে শিশুটোৰ অনুভূতিক আঘাত কৰিব পাৰে।এটা শিশুৰ ওপৰত এই বাক্যটোৰ প্ৰভাৱ ইমানেই পৰে যে, তেওঁলোকে নিজকে আনতকৈ সকলো ক্ষেত্ৰতে দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰে।সেয়েহে আপোনালোকৰো যদি এনেকৈ কোৱা অভ্যাস আছে, সেয়া ত্যাগ কৰক।

‘তোমাৰ কি অসুবিধা হৈছে ?’

বহুসময়ত শিশুৱে পিতৃ-মাতৃৰ বিভিন্ন কাৰ্য্যৰ বিষয়ে প্ৰশ্ন কৰে। যাৰ বাবে অভিভাৱকে তেওঁলোকক তাচ্ছিল্য কৰি ‘ইয়াত তোমাৰ কি অসুবিধা হৈছে ?’বুলি ওলোটাই প্ৰশ্ন কৰে।অভিভাৱকে এনেকৈ ক’লে ই শিশুটোৰ মনত আঘত কৰিব পাৰে আৰু নিজকে তেওঁ ভুল বুজিব পাৰে। শিশুসকলক এনে একো কথা ক’ব নালাগে, যিয়ে তেওঁলোকৰ আত্মসন্মানত আঘাত কৰে।

তেওঁলোকৰ জেদক নাটক বুলি নক’ব

বহুসময়ত অভিভাৱকসকলেও তেওঁলোকৰ সন্তানে বিভিন্ন সময়ত কৰা জেদক তেওঁলোকৰ নাটক বুলি আখ্যা দিয়ে।এই ‘নাটক’ শব্দটোৱে আপোনাৰ সন্তান আঘাত কৰিব পাৰে। ইয়াৰ ফলত শিশুৱে নিজকে আৱেগিকভাৱে দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰে তেওঁলোক আৱেগিকভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে।

কিছুমান শব্দ ত্যাগ কৰক

জধামূৰ্খ, অজ্ঞানী, আদি শব্দবোৰেও শিশুটোক বাৰে বাৰে আঘাত কৰিব পাৰে। এনে শব্দ শিশুৰ ক্ষেত্ৰত প্ৰয়োগ কৰাটো একেবাৰেই ভুল, ই তেওঁলোকৰ অনুভূতিক আঘাত কৰাৰ লগতে তেওঁলোকে নিজৰ ওচৰতে অসুৰক্ষিত অনুভৱ কৰা আৰম্ভ কৰিব।শিশুটোৰ আত্মবিশ্বাস ভাঙি পেলোৱা এই শব্দবোৰ ব্যৱহাৰ কৰা বাদ দিব।

‘আৰু বেয়া অভ্যাস সহ্য কৰা নহ’ব’

শিশুটোৱে কেতিয়াবা ভুল কৰিলে পিতৃ-মাতৃয়ে কয় যে তেওঁলোকৰ বেয়া অভ্যাসবোৰ আৰু সহ্য কৰা নহ’ব।কিন্তু এই বাক্যশাৰী শিশুটোৰ ক্ষেত্ৰত প্ৰয়োগ কৰাটো একেবাৰে অনুচিত।আপুনি এনেকৈ কোৱাৰ ফলত আপোনাৰ প্ৰতি সন্তানটোৰ হৃদয়ত ভয়ৰ সৃষ্টি কৰিব আৰু তেওঁ আপোনাৰ পৰা বস্তুবোৰ লুকুৱাবলৈ আৰম্ভ কৰিব।যিয়ে শিশুটোৰ ভৱিষ্যতত বেয়া প্ৰভাৱ পেলাব।

Exit mobile version