Site icon Guwahati Times

শৰীৰত বগা দাগ অৰ্থাৎ ভিটিলিগ কি ?

ছালখন হৈছে আমাৰ শৰীৰৰ সৰ্ববৃহৎ অংগ, যিয়ে আমাৰ ব্যক্তিত্ব ধৰি ৰখাতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। সেয়ে আমি সকলোৱে ছালখন সুন্দৰ কৰি ৰাখিবলৈ যত্ন লোৱা উচিত। বর্তমান যুগত ছালৰ নানা সমস্যাই দেখা দিছে। তাৰ ভিতৰত শ্বেত কুন্ঠ বা ভিটিলিগ’ অন্যতম ৰোগ। শ্বেত মানে বগা দাগ আৰু কুষ্ঠ মানে আয়ুৰ্বেদৰ ভাষাত ছালৰ ৰোগ। অর্থাৎ এই ৰোগত শৰীৰৰ যিকোনো ঠাইত বগা দাগ হোৱা দেখা যায়। এই ৰোগত আক্রান্ত ৰোগী বিভিন্ন ভ্রান্ত ধাৰণাৰ চিকাৰ হয়। তেওঁ ভাবে যে এয়া ঈশ্বৰৰ অভিশাপ, দুৰাৰোগ্য ৰোগ, সোঁচৰা ৰোগ ইত্যাদি ৷ ৰোগীৰ মন দুশ্চিন্তাৰে ভৰি পৰে। কিন্তু ৰোগীয়ে ভাবি লোৱাৰ দৰে এই ভ্রান্ত ধাৰণাবোৰৰ এটাও সত্য নহয়। উপযুক্ত আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰে এই ৰোগ আৰোগ্য কৰিব পৰা যায়।

(১) সকলো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

(২) সাধাৰণতে মূৰ, মুখমণ্ডল, কপাল, বুকু, পিঠি, হাত ভৰি, আঙুলি আদিত এই ৰোগে আক্ৰমণ কৰা দেখা যায়।

(৩) কেতিয়াবা এটা তিলৰ সমান বগা দাগ শৰীৰৰ উক্ত ঠাইবোৰত দেখা যায় আৰু পৰৱৰ্তী সময়ত শৰীৰত বিয়পি পৰে।

শ্বেত কুষ্ঠ ৰোগৰ কাৰণ কি?

(১) বংশগত প্রভাৱ

(২) স্নায়বিক তথা স্নায়ুজনিত কাৰক

(৩) বিভিন্ন ধৰণৰ ঔষধৰ পাৰ্শ্বক্রিয়া

(৪) মানসিক দুশ্চিন্তা হব পাৰে ।

Exit mobile version