Site icon Guwahati Times

বায়ু প্ৰদূষণে নষ্ট কৰে মস্তিষ্কৰ গঠন

ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে বায়ু প্ৰদূষণে। এক পৰীক্ষাৰ অন্তত গম পোৱা গৈছে যে দীর্ঘসময় ধৰি বায়ু প্ৰদূষণৰ সংস্পৰ্শত থাকিলে মস্তিষ্কৰ সামগ্ৰিক আকৃতি সংকুচিত হৈ পৰে।

ফলত মস্তিষ্কৰ বিভিন্ন অংশত পৰিমিত ৰক্ত সঞ্চালনৰ অভাৱত কোষবোৰৰ মৃত্যু ঘটিবলৈ আৰম্ভ কৰে। নিঃশব্দে ইস্কেমিক স্ট্রোক হয়।

গবেষণাটোত গম পোৱা গৈছে যে যি মানুহে ৰাস্তাৰ দাঁতিত অধিক সময় কটায় বা ৰাস্তাতেই দিন অতিবাহিত কৰে, তেওঁলোকৰ মস্তিষ্কত বায়ু প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱ সৰ্বাধিক।

যানবাহন, কল-কাৰখানা, পাৱাৰ প্লেণ্ট, পোৰা কাঠ, অটোমোবাইল কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা | যিবোৰ দূষিত পদার্থ বতাহত উৰি ফুৰে,সেইবোৰেই মগজুৰ ব্যাপক ক্ষতি কৰে।

সেই পদাৰ্থ মস্তিষ্কৰ পৰা ক্রমান্বয়ে হাঁওফাঁও, কলিজা আদিলৈ বিয়পি পৰে। ফলত ৰক্ত সঞ্চালনত সমস্যাৰ উদ্ভৱ হয়। হাৰ্ট এটেকৰ কাৰণো হৈ পৰিব পাৰে। ৬০ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ ক্ষেত্ৰত ডাইমেন্সিয়া আৰু ষ্ট্ৰোকৰ কাৰণ হ’ব পাৰে।

Exit mobile version