Site icon Guwahati Times

ধুবুৰীৰ বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ডি এফ অ’ক নিৰ্দেশ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা কৰে৷ পৰ্যালোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে-

✅ ধুবুৰীৰ বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ডি এফ অ’ক নিৰ্দেশ

✅ জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ উপায়ুক্তক নিৰ্দেশ

✅ মধুপুৰ সত্ৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ লোক নিৰ্মাণ বিভাগক

✅ জনস্বাস্থ্য কাৰিকৰী বিভাগক ‘জল জীৱন অভিযান’ৰ নিৰ্মীয়মান আঁচনিবোৰৰৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ

✅ অৱসৰ গ্ৰহণৰ পিছত পেন্সন লাভৰ ক্ষেত্ৰত শিক্ষকে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি সতৰ্ক হ’বলৈ শিক্ষা বিভাগৰ বিষয়াক নিৰ্দেশ

✅ এতিয়াৰে পৰা গ্ৰাম সেৱকে লগ কৰা কৃষকৰ নাম আৰু ফোন নম্বৰ জিলা কৃষি বিষয়াক জমা দিবলৈ নিৰ্দেশ৷ জিলা কৃষি বিষয়াই এই তথ্য জিলা উপায়ুক্ত আৰু জিলা উন্নয়ণ আয়ুক্তক জমা দিব লাগিব ৷

✅ ধানৰ নিম্নতম সমৰ্থন মূল্য যাতে ক্ষুদ্ৰ কৃষকে লাভ কৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ৷

✅ লগতে বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰত থকা পৰিয়ালক খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেছন কাৰ্ড পৰিহাৰ কৰি প্ৰকৃতাৰ্থত দুখীয়া পৰিয়ালক কাৰ্ড লাভৰ সুযোগ দিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

Exit mobile version