নতুন নিয়মক লৈ কঠোৰ হৈছে পৰিবহন বিভাগ আৰু প্ৰশাসন।ৰাজ্যত নতুন যান–বাহন আইন বলৱৎ হোৱাৰ পিছতে তৎপৰতাৰে সংগ্ৰহ হৈছে লাখ লাখ টকাৰ ৰাজহ। এফালে সজাগতা কাৰ্যসূচী আনহাতে আইন ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহেৰে তৎপৰ হৈছে জিলা পৰিবহন বিভাগ আৰু যান বাহন আৰক্ষী । নতুন আইন বলৱৎ হোৱাৰ পিছতে তিনিদিনত মুঠ ৩২লাখ টকা জৰিমনাৰূপে সংগ্ৰহ কৰা হৈছে। আইন ভংগকাৰীৰ পৰা ৰাজহ সংগ্ৰহৰ শীৰ্ষত আছে শিৱসাগৰ জিলা। শিৱসাগৰত সৰ্বাধিক ৩লাখ ৭৭হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে। আনহাতে কামৰূপ মেট্ৰ’ত বৃহস্পতিবাৰৰ দিনটোত সংগ্ৰহ কৰা হয় ২লাখ ৭৭হাজাৰ টকা জৰিমনা।যান–বাহনৰ অভিযানৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত লৈছে বিভাগে। দিনৰ অন্য সময়ৰ পৰিৱৰ্তে দৈনিক পুৱা আৰু সন্ধিয়া ৰাজপথত যান–বাহনৰ ওপৰত অভিযান চলোৱা হ’ব। ৰাজপথৰ সলনি জনবসতি পূৰ্ণ অঞ্চলৰ পথ সমূহত পৰিবহন বিভাগে চলাব অভিযান । এই নতুন নিয়মৰ আওতাত চিটি বাছ আৰু মেট্ৰো টেক্সি চালক সকলে ডিঙিত আঁৰি লব লাগিব চিনাক্তকৰণ পত্ৰ। এই পত্ৰত থাকিব লাগিব চালকৰ নাম, ঠিকনা, ফটো আৰু পৰিবহন বিষয়াৰ চহী।
32 Lakhs Collected in 3 Days as fine – Assam Police.

