Site icon Guwahati Times

মৌ-মাখি বা বৰলে কামুৰিলে কৰক এইসমূহ কাম…

মৌ-মাখি বা বৰল দেখিলেই আমি সকলো সাৱধান হৈ উঠো। ইয়াৰ কাৰণ বৰল বা মৌ-মাখিয়ে কামোৰাৰ ফলত অসহ্যকৰ বিষ সহ্য কৰিব লগা হয়। আনকি কেতিয়াবা এই বিষৰ ফলত হাস্পতাললৈ যাব লগা পৰিস্থিতিও হয়। এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনাক এনে কিছুমান টিপচ দিম যিসমূহ ব্যৱহাৰ কৰিলে আপোনাৰ মৌ-মাখি বা বৰলে কামুৰা বিষৰ পৰা যথেষ্ট সকাহ পোৱা যায়।

মৌ-মাখি বা বৰলে কামুৰিলে কৰক এইসমূহ কাম

১. এলভেৰাই শীতলতা প্ৰদান কৰে৷ মৌমাখিয়ে কামুৰিলে এলভেৰা জেল কামুৰা স্থানত লগাব লাগে৷

২. নেমু টেঙাৰ ৰস কামোৰা ঠাইত লগাব লাগে। এনে কৰিলে যন্ত্ৰণা দূৰ হ’ব, ফুলাও কমিব আৰু বিষো কমি যাব।

৩. কামোৰা ঠাইত মৌ জোল ঘহিলেও বিষ যথেষ্ট কমে আৰু ফুলাও কমে।

৪. ঘিউ আৰু নিমখ মিহলাই কামোৰা ঠাইত লগাব।

৫. আদাৰ ৰস নাইবা পিঁয়াজৰ ৰস কামুৰা সেই ঠাইত সানিব লাগে|

Exit mobile version