Site icon Guwahati Times

কেলিচিয়ামৰ অভাৱ কিয় হয়, অভিভাৱকে কি কৰা উচিত জানি লওঁক…

শিশু তথা কিশোৰ-কিশোৰীসকলৰ সুস্বাস্থ্য বৰ্তি থাকিবলৈ তেওঁলোকৰ শৰীৰত কেলচিয়ামৰ অভাৱ নোহোৱাটো গুৰুত্বপূৰ্ণ। পৰ্যাপ্ত কেলচিয়ামে তেওঁলোকৰ হাড় শক্তিশালী কৰে।যাৰ ফলত তেওঁলোক অষ্টিওপোৰোচিছৰ দৰে গুৰুতৰ সমস্যাৰ পৰা বাচি থাকিব পাৰে।উঠি অহা ল’ৰা-ছোৱালীসকল সুস্থ-সবল হৈ থাকিবলৈ আন পুষ্টিবোৰৰ লগতে তেওঁলোকৰ খাদ্য তালিকাত কেলচিয়াম আৰু ভিটামিন-ডি যুক্ত আহাৰ অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী।
বিশেষজ্ঞসকলৰ মতে, শিশুৰ উন্নত বিকাশৰ বাবে ১ৰ পৰা ৩বছৰীয়া শিশুৰ শৰীৰত দৈনিক প্ৰায় ৭০০ মিগ্ৰা, ৪-৮ বছৰীয়া শিশুক ১০০০ মিগ্ৰা, ৯ বছৰৰ অধিক বয়সৰ শিশুক ১৩০০ মিগ্ৰাতকৈ অধিক কেলচিয়ামৰ প্ৰয়োজন হয়।

কেলচিয়ামৰ অভাৱ কিয় হয়?

. যদি শিশুটোৱে ১ বছৰলৈ মাতৃ দুগ্ধ পান কৰা নাই।

. ভিটামিন-ডি-ৰ অভাৱৰ ফলতো কেলচিয়ামৰ অভাৱ হয়।

. কিছুমান হৰমনক কাৰণেও শৰীৰত কেলচিয়ামৰ অভাৱ হয়।

. পেৰাথাইৰইড গ্ৰন্থিৰ নিম্ন বিকাশৰ ফলত এই সমস্যা হ’ব পাৰে।

. যদি সন্তান জন্ম দিয়াৰ সময়ত মাতৃৰ ডায়েবেটিচ হয়, তেন্তে শিশুটোৰ কেলচিয়ামৰ অভাৱ হ’ব পাৰে।

. জিজৰ্জ চিণ্ড্ৰোম নামৰ আনুবংশিক বিকাৰৰ ফলত শিশুৰ ক্ষেত্ৰত কেলচিয়ামৰ অভাৱ হ’ব পাৰে।

এই অভাৱ দূৰ কৰিবলৈ কি কৰিব?

. শিশুৰ শৰীৰৰ পৰা কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ তেওঁলোকক গাখীৰ বা ইয়াৰ পৰা তৈয়াৰ কৰা খাদ্য খাবলৈ দিব।তদুপৰি, ছ’য়াৰ পৰা তৈয়াৰী খাদ্য, মাছ, কাঠবাদাম, মিঠা আলু, বিভিন্ন ধৰণৰ মাহজাতীয় শস্য, বীন, ব্ৰকলী, সেউজীয়া মটৰ আদিও শিশুৰ খাদ্ৰয তালিকাত অন্তৰ্ভূক্ত কৰিব।

. শিশুসকলক ৰাতিপুৱা আৰু বিয়লি দৈনিক ১৫ মিনিটতকৈ সূৰ্যৰ পোহৰত ৰাখিব।

. চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁলোকক ভিটামিন-ডি আৰু কেলচিয়াম চিৰাপ দিব।

Exit mobile version