Site icon Guwahati Times

ACS ত প্ৰথম স্থান ৰছিকাৰ, APS ত ৰোহিতৰ!

বুধবাৰে ঘোষণা হয় অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। সৰ্বমুঠ ৯১৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে এই পৰীক্ষাত। এই পৰীক্ষাত অসম অসামৰিক সেৱাত প্ৰথম স্থান লাভ কৰে ধুবুৰীৰ গৌৰীপুৰৰ ৰছিকা ইছলাম।

এই খবৰ লাভ কৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত আনন্দ-উল্লাসৰ সৃষ্টি হয়। ২০২১ চনৰ এপিএছচি পৰীক্ষাতো উত্তীৰ্ণ হৈছিল ৰছিকা।বৰ্তমান তেওঁ ধুবুৰীতে ইনছপেক্টৰ অফ টেক্স হিচাপে কৰ্মৰত হৈ আছে। ইয়াৰ পাছতে তেওঁ ২০২২ চনৰো এপিএছচি পৰীক্ষাত সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ধুবুৰীৰ পৰা অসম অসামৰিক সেৱাত ৰছিকাই প্ৰথম ৰেংক লাভ কৰা প্ৰথম গৰাকী। ইয়াক লৈ তেওঁ সুখী বুলি কয়।

আনহাতে অসম আৰক্ষী সেৱাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় হোজাইৰ ৰোহিত চৌধুৰী। হোজাইৰ ষ্টেচন ৰোডৰ বাসিন্দা তথা এছবিআইৰ হোজাই শাখাৰ অৱসৰপ্ৰাপ্ত বিষয়া বিকাশ চৌধুৰীৰ পুুত্ৰ ৰোহিত। এই খবৰে যথেষ্ঠ আনন্দ প্ৰকাশ কৰে ৰোহিতে। তেওঁ কয় যে বহু বছৰ ধৰি পৰীক্ষাৰ বাবে অধ্যয়ন আৰু চেষ্টা কৰি গৈছিল ৰোহিতে।

Exit mobile version