Site icon Guwahati Times

ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৪ টা ফৰেনচিক লেব’ৰেটৰি

আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। এই কেবনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্যত নতুনকৈ ৪ টা ফৰেনচিক লেব’ৰেটৰি স্থাপনৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়।

এই ফৰেনচিক লেব’ৰেটৰিকেইটা ক্ৰমে শিলচৰ চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হ’ব।

উল্লেখ্য যে নতুনকৈ স্থাপন কৰিবলগীয়া ফৰেনচিক লেব’ৰেটৰিকেইটা কাৰ্যক্ষম হৈ উঠিলে অপৰাধ অনুসন্ধান ব্যৱস্থা অধিক শক্তিশালী হ’ব।

Exit mobile version