লাহৰীঘাটত এম্বুলেঞ্চত ড্রাগ্ছ সৰবৰাহকাৰী ৪ যুৱকক গ্রেপ্তাৰ

1 min read

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলাত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ চাৰি সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে৷বৰছলা আৰক্ষী চকীৰ অন্তর্গত শান্তিপুৰৰ পৰা  এ এছ ০১ ডি কিউ–৪১১৮ নম্বৰৰ এখন এম্বুলেঞ্চ আৰু এ এছ ২১ জে–০৬৬৯ নম্বৰৰ য়ামাহাৰ আৰ–১৫ বাইকত মৰিগাঁও অভিমুখে গৈ থকা অৱস্থাত অঞ্চলটোৰ গৰৈমাৰীত আৰক্ষীয়ে হেৰ’ইনসহ আটক কৰে সৰবৰাহকাৰীকেইজন৷

ধৃত সৰবৰাহকাৰীকেইজন্ নাম হৈছে জাবিৰ আলম (১৮), ইজাৰুল খান (১৯), ৰ’নেল হক (২২) আৰু নাজিম উদ্দিন আহমেদ (২৫)৷ আটাইকেইজনৰে ঘৰ মৰিগাঁও সদৰ থানাৰ অন্তর্গত মৰিমুছলমান গাঁৱত৷ সৰবৰাহকাৰীকেইজন্ পৰা আৰক্ষীয়ে হেৰ’ইন ভর্তি ২১টা কণ্টেনাৰ, ১২টা খালী কণ্টেনাৰ আৰু দুটা ছিৰিঞ্জ উদ্ধাৰ কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা এম্বুলেঞ্চ আৰু বাইকখন জব্দ কৰে৷

উল্লেখ্য যে বৰছলা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই অভিযান চলাই গৰৈমাৰীত হেৰ’ইন সৰবৰাহকাৰীকেইটাক্ আটক কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বহুদিন ধৰি এই চক্রটোৱে বৰছলা অঞ্চলত এম্বুলেঞ্চখন লৈ আৰক্ষী আৰু জনসাধাৰণৰ চকুত ধূলি দি ড্রাগছৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ এক গোপন খবৰৰ ভিত্তিত আজি আৰক্ষীয়ে সৰবৰাহকাৰীকেইজন্ আটক কৰিবলৈ সক্ষম হয়৷
Source- Niyomiyabarta

You May Also Like

More From Author