৪০ লাখত প্রশ্নকাকত বিক্রী সঞ্জীত কৃষ্ণৰ

0 min read

কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ প্রশ্নকাকত ট্রাংক খুলি উলিয়াই দিয়াৰ বাবদ ৪০ লাখ টকা লৈছিল৷ এই টকা দিছিল অক্ষয় টেলিকমিউনিকেচনৰ অংশীদাৰ ৰুবুল আলী ওৰফে ৰুবুল হাজৰিকাই৷ এছ আই পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ এই ক’লা অধ্যায় পোহৰলৈ আহিছে চি আই ডিৰ তদন্তত৷ অভিযোগ মতে, এছ আই পদৰ আনুষ্ঠানিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূর্বে অর্থাৎ যোৱা ১৮ ছেপ্টেম্বৰত সেই সময়ৰ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই চৰকাৰী বাসগৃহত গুৱাহাটীৰ পৰা এখন গাড়ীৰে লৈ যোৱা প্রশ্ণকাকতৰ ট্রাংক খুলি উলিয়াই দিছিল৷ প্রশ্নকাকত উলিয়াই দিয়াৰ পাছতে অক্ষয় টেলিকমিউনিকেচনৰ অংশীদাৰ ৰুবুল হাজৰিকা আৰু বিজেপি নেতা দিবন ডেকাই ম’বাইল ফোনেৰে ফটো তুলিছিল৷ প্রাপ্ত অভিযোগ মতে, যোৱা ১৭ ছেপ্টেম্বৰত অর্থাৎ এদিন পূর্বে কৰিমগঞ্জত গৈ বাহৰ পাতি আছিল৷ ১৮ ছেপ্ঢেম্বৰত এখন ইন’ভা গাড়ীৰে কৰিমগঞ্জত উপস্থিত হৈছিল৷ সিদিনাই গুৱাহাটীৰ পৰা প্রশ্ণকাকত লৈ যোৱা হৈছিল৷ প্রশ্নকাকত লৈ যোৱা গাড়ীৰ পিছে পিছে গৈছিল দালাল ৰুবুল৷ সিদিনা কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক ৪০ লাখ টকা আদায় দি অধীক্ষকজনৰ বাসগৃহত প্রশ্ণকাকতৰ ফটো তুলি ৰুবুল আৰু দিবনে গুৱাহাটীলৈ আহে৷ ইয়াৰ পাছতে ১৯ ছেপ্ঢেম্বৰত দুই মাষ্টাৰ মাইণ্ডে গণেশগুৰিৰ থেংক ইউ লজ আৰু বেতকুছিস্থিত ভার্গৱ হোটেল গ্রেণ্ডত এছ আই পদৰ ৰিহার্চেল পৰীক্ষাৰ আয়োজন কৰে কৰিমগঞ্জৰ পৰা ম’বাইলত তুলি অনা প্রশ্ণকাকতেৰে৷ ধৃত ৰুবুল হাজৰিকাই আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক প্রশ্ণকাকতৰ বাবদ ৪০ লাখ টকা দিয়া বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়াৰ পাছতে চি আই ডিয়ে গুৱাহাটীৰ কার্যালয়লৈ তলব কৰি যোৱা সোমবাৰে অসম আৰক্ষীক কলংকিত কৰা আৰক্ষী অধীক্ষকজনক জেৰা কৰে৷

উল্লেখ্য যে এছ আই পদৰ নিযুক্তি কেলেংকাৰিত কুমাৰ সঞ্জীত কৃষ্ণ জড়িত হৈ পৰাৰ পাছতে ধৃত ৰুবুল হাজৰিকাক লগত লৈ কালি কৰিমগঞ্জত উপস্থিত হৈ অভিযান চলায়৷ অভিযানকাৰী দলটোৱে তদানীন্তন আৰক্ষী অধীক্ষকজনৰ কার্যালয়, চৰকাৰী বাসভৱন আৰু আৰক্ষীৰ অতিথিশালাত উপস্থিত হৈ কেইবাজনো বিষয়া–কর্মচাৰীক সোধা–পোছা কৰে৷ চি আই ডিৰ দলটোৱে কৰিমগঞ্জৰ ট্রেফিক আই চি, হাউছ গার্ড আৰু তিনি জোৱানৰ দণ্ডাধীশৰ উপস্থিতিত উক্ত কেলেংকাৰি সন্দর্ভত জবানবন্দী লয়৷ ইফালে, এই কেলেংকাৰিত সাঙোৰ খাই পৰা কুমাৰ সঞ্জীত কৃষ্ণৰ দুজন দেহৰক্ষীকো কালি উলুবাৰীস্থিত চি আই ডিৰ মুখ্য কার্যালয়ত মাৰাথন জেৰা কৰে৷ ইফালে, এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ধনৰ বিনিময়ত ফাদিল কৰা সমগ্র ঘটনাত সাঙোৰ খাই পৰাৰ পাছতে আজি চি আই ডিৰ কার্যালয়ত এক জৰুৰী বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালক (আইন–শৃংখলা) জি পি সিং, চি আই ডিৰ আই জি পি সুৰেন্দ্র কুমাৰকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে৷ এই বৈঠকৰ পাছতে আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক চি আই ডিৰ কার্যালয়লৈ মতাৰ বাবে ম’বাইল ফোনত যোগাযোগ কৰা হয় যদিও বিষয়াজনৰ ফোনৰ ছুইছ অফ পায়৷ তেতিয়া আৰক্ষী অধীক্ষকজনক আনিবলৈ মহানগৰীৰ কছাৰীবস্তিত থকা বিষয়াজনৰ ঘৰলৈ চি আই ডিৰ এটা দল ৰাওনা হয়৷ কিন্তু সেই সময়ত কুমাৰ সঞ্জীত কৃষ্ণ ঘৰত উপস্থিত নাছিল৷ ইয়াৰ পাছতে চি আই ডিৰ ৫জনীয়া দলটোৱে আৰক্ষী অধীক্ষকজনৰ ঘৰত তালাচী চলায়৷ চি আই ডিৰ দলটোৱে আৰক্ষী অধীক্ষকজনৰ বাসগৃহৰ পৰা এটা নথিপত্রৰ টোপোলা জব্দ কৰি অনা বুলি জানিব পৰা গৈছে৷

ইফালে, এছ আই নিযুক্তি কেলেংকাৰিত সাঙোৰ খাই পৰা কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) প্রশান্ত কুমাৰ দত্তৰ মহানগৰীৰ ডাউন টাউনৰ সমীপৱর্তী মথুৰানগৰত থকা বাসগৃহত অভিযান চলায়৷ অভিযানৰ সময়ত প্রশান্ত কুমাৰ দত্তও ঘৰত উপস্থিত নাছিল৷ আৰক্ষীৰ এক সূত্রে জানিব পৰা মতে, এই কেলেংকাৰিত সাঙোৰ খোৱা কুমাৰ সঞ্জীত কৃষ্ণ আৰু প্রশান্ত কুমাৰ দত্তক গ্রেপ্তাৰৰ বাবে অনুমতি বিচাৰি চি আই ডিয়ে ইতিমধ্যে গৃহ বিভাগলৈ এখন পত্র প্রেৰণ কৰিছে৷ গৃহ বিভাগে এই দুয়োজন বিষয়াক গ্রেপ্তাৰৰ সেউজ সংকেত দিছে৷ এনে পৰিস্থিতিত অসম আৰক্ষীক লজ্জানত কৰা দুই বিষয়া শীঘ্রে গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, গ্রেপ্তাৰৰ উমান পাই বিষয়া দুজনে অগ্রিম জামিন বিচাৰি অধিবক্তাৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷
ৰহস্যজনকভাৱে অন্তর্ধান এছপি সঞ্জীত কৃষ্ণ
এছ আই পদৰ নিযুক্তি কেলেংকাৰিত সাঙোৰ খাই পৰা কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই চি আই ডিৰ গ্রেপ্তাৰৰ ভয়ত পলায়ন কৰিছে৷ আৰক্ষীৰ চকুত ধূলি দি আৰক্ষী অধীক্ষকজনে পলায়ন কৰি কোনো নিৰাপদ স্থানত আশ্রয় গ্রহণ কৰি আছে৷ উল্লেখ্য যে আজিৰ দিনটোত চি আই ডিৰ কার্যালয়লৈ মতাৰ বাবে এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্তকাৰী বিষয়াই কুমাৰ সঞ্জীত কৃষ্ণৰ ম’বাইললৈ ফোন কৰিছিল৷ কিন্তু আৰক্ষী অধীক্ষকজনৰ ফোনৰ ছুইছ অফ আছিল৷ ইয়াৰ পাছতে কুমাৰ সঞ্জীত কৃষ্ণক আনিবৰ বাবে চি আই ডিৰ পাঁচজনীয়া দল এটা তেওঁৰ মহানগৰীৰ উলুবাৰীৰ সমীপৱর্তী কছাৰীবস্তিৰ বাসগৃহলৈ গৈছিল৷ কিন্তু চি আই ডিৰ দলটোৱে তাতো আৰক্ষী অধীক্ষকজনক বিচাৰি নাপালে৷ জানিব পৰা মতে, কালি কুমাৰ সঞ্জীত কৃষ্ণক চি আই ডি আৰু আৰক্ষীৰ বিশেষ শাখাৰ কার্যালয়ত জেৰা কৰা হৈছিল৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, কালি জেৰা চলাই যাবলৈ দিয়া সঞ্জীত কৃষ্ণক আজি চি আই ডিৰ কার্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছিল৷ কিন্তু কালি বিশেষ শাখাৰ কার্যালয়ৰ পৰা অহাৰ পাছৰে পৰা অন্তর্ধান হৈ আছে আৰক্ষী অধীক্ষকজন৷ চি আই ডিয়ে ম’বাইল ফোনত বাৰম্বাৰ যোগাযোগ কৰিও পোৱা নাই কুমাৰ সঞ্জীত কৃষ্ণক৷ এছ আই পৰীক্ষাৰ প্রশ্ণকাকত যোগান ধৰাৰ বাবদ ৪০ লাখ টকা দালাল চক্রৰ পৰা সংগ্রহ কৰি অসম আৰক্ষীক কলংকিত কৰা বিতর্কিত আৰক্ষী অধীক্ষকজনৰ পলায়নে খোদ বিভাগটোৰ ভিতৰত জোকাৰণি সৃষ্টি কৰিছে৷ পলাতক আৰক্ষী বিষয়াজনে গুৱাহাটীৰে কোনো নিৰাপদ স্থানত আত্মগোপন কৰি থাকি অগ্রিম জামিনৰ বাবে অধিবক্তাৰে যোগাযোগ কৰা বুলি সন্দেহ কৰা হৈছে৷

You May Also Like

More From Author