Site icon Guwahati Times

৫-৬ মাহৰ পিছত কাম নোহোৱা হ’ব ইউপিপিএল দলৰঃ হাগ্ৰামা মহিলাৰী

দ্বিতীয়বাৰৰ বাবে শাসনত আহিব নোৱাৰে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ। ৫-৬ মাহৰ পিছত ৰিজাল্ট আহি আছে, কাম নোহোৱা হৈ পৰিব প্ৰমোদ বড়োৰ ইউ পি পি এল দল – দেওবাৰে দৰং ওদালগুৰি সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ সোণমহৰীত বিপিএফৰ এক নিৰ্বাচনী সভাত এইদৰে কয় প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

উল্লেখ্য যে দৰং ওদালগুৰি সমষ্টিৰ বিপি এফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন বিটিচি প্ৰধান গৰাকীয়ে কয় বিটিচি চৰকাৰ পুনৰ হাগ্ৰামা মহিলাৰীয়ে শাসনত আহিব। তদুপৰি এইবাৰৰ লোকসভা নিৰ্বাচনত বহু ইউ পি পি এলৰ নেতা কৰ্মী আৰু এবছুৰ বহু কৰ্মী লুটি খাই বিপিএফৰ সৈতে যোগাযোগ কৰিছে ।

এই দলীয় কৰ্মীসকল বিপিএফত আহিবলৈ বিচাৰিছে ।‌ গতিকে এইবাৰ দৰং ওদালগুৰি সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত বিপি এফ জয় হ’ব, দুৰ্গা দাস বড়োৰ জয় নিশ্চিত বুলি দাবী কৰে । প্ৰায় সংখ্যক ৰাইজে উপস্থিত থকা সভাত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰী, প্ৰাক্তন এম চি এল এ মহেশ্বৰ বসুমতাৰীৰ উপৰিও বিপিএফ কৰ্মী উপস্থিত থাকে ।

Exit mobile version