Site icon Guwahati Times

মাৰ্কিন যুক্তৰাষ্ট্ৰত মৰ্মান্তিক ঘটনা !

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াত ভাৰতীয় দম্পতীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা বাসগৃহত উদ্ধাৰ হ’ল একেটা পৰিয়ালৰ চাৰি সদস্যৰ মৃতদেহ।

ছান মাতেয়া চহৰৰ এটা এপার্টমেন্টত ভাৰতীয় মূলৰ প্ৰবাসী এক দম্পতী আৰু তেওঁলোকৰ দুই শিশু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে।

প্ৰাপ্ত খবৰ অনুসৰি, মৃত দম্পতী কেৰালাৰ স্থায়ী বাসিন্দা আছিল। আৰক্ষীৰ তথ্য অনুসৰি, বিগত ন বছৰ ধৰি আমেৰিকাত তথ্য প্রযুক্তি কর্মী হিচাপে মৃত দম্পতীয়ে কাম কৰিছিল ৷

২০১৬ বর্ষত দম্পতীয়ে বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল আৰু ইয়াৰ পাছতে উক্ত মহিলাই দুই সন্তানৰ জন্ম দিছিল। বাসগৃহৰ স্নানাগাৰৰ পৰা দম্পতীৰ গুলিবিদ্ধ দেহ উদ্ধাৰ কৰাৰ লগতে ঘৰৰ মধ্যাহ্নভাগত উদ্ধাৰ হ’ল দুই নাবালক সন্তানৰ দেহ। নাবালকৰ শৰীৰত অৱশ্যে কোনো ক্ষতচিহ্ন নাই।

প্রাথমিক তদন্তত আবক্ষীয়ে সন্দেহ কৰা অনুসৰি, বিহ প্ৰয়োগৰে সন্তানক দম্পতীয়ে হত্যা কৰি পিছত দুয়োৱে কৰিলে আত্মহনন ।

Exit mobile version