Site icon Guwahati Times

যুৱতী বা মহিলাসকলে কিয় বয়স লুকুৱায় জানেনে?

কথাতে কয় যে ছোৱালীক বয়সৰ কথা নুসুধিব! কিন্তু এক গৱেষণাত দেখা গৈছে যে ছোৱালীসকলে সঁচাই নিজৰ বয়স কমাব বা গোপন কৰিব বিচাৰে! কারণ জানিলে আচৰিত হ’ব!

এই কথা আপুনি নিশ্চয় শুনিছে যে ছোৱালীসকলে সকলো সময়তে বয়স লুকুৱাব বিচাৰে! কথাতে কয় যে ছোৱালীক বয়সৰ কথা নুসুধিব! কিন্তু এক গৱেষণাত দেখা গৈছে যে ছোৱালীসকলে সঁচাই নিজৰ বয়স কমাব বা গোপন কৰিব বিচাৰে! কাৰণ জানিলে আচৰিত হ’ব!

গৱেষণাত দেখা গৈছে যে পুৰুষৰ তুলনাত নাৰীৰ মাজত বয়স লুকুওৱাৰ প্ৰৱণতা বহু বেছি! এক সমীক্ষাই আচৰিত কৰি তুলিছে গৱেষকসকলক! ইয়াৰ পিছতে পোহৰলৈ আহে ইয়াৰ আঁৰৰ কাৰণ!

নাৰীয়ে নিজকে সকলো সময়তে তাৰুণ্যভৰা কৰি ৰাখিব বিচাৰে! তেওঁলোকে কেতিয়াও নিবিচাৰে নিজৰ যৌৱন হেৰাই যাওক! তেওঁলোকে ধাৰণা কৰে যে বয়স কমকৈ ক’লে নিজকে কম বয়সীয়া যেন লাগিব! যিটো একেবাৰেই ভুল ধাৰণা! আৰু এই ধাৰণাৰ বাবেই প্ৰথমতেই তেওঁলোকে বয়স লুকুৱায়।

কাৰণ আৰু আছে! মুখত সামান্য ৰিংকল আহিলেই যুৱতী বা মহিলাসকল চিন্তিত হৈ পৰে! আনহাতে পুৰুষসকলে এইবোৰত গুৰুত্ব নিদিয়ে! আচলতে মহিলা বা যুৱতীসকলৰ মাজত বুঢ়া হোৱাৰ বা বয়স বেছি হোৱাৰ এটা ভয় থাকে। সেইবাবেই তেওঁলোকে নিজৰ বয়স গোপন কৰিব বিচাৰে!

যুৱতীসকলে বহু সময়ত বয়স সমাই কোৱাৰ বিষয়টো পৰিয়ালৰ পৰা অৰ্থাৎ মাতৃ, ভগ্নীৰ পৰাও শিকিব পাৰে! কাৰণ বয়স কমাই ৰখাৰ এটা কাৰণ হ’ল বিয়া! কন্যাৰ বিয়াক লৈ এতিয়াও বহু মানুহ সমস্যাত ভোগে! সেয়ে কম কৰি কোৱা হয় বয়স!
নাৰী বা মহিলাসকলে ভাবে যে বয়স কমকৈ ক’লে পুৰুষসকলে বেছি পছন্দ কৰে! যদিও এই ধাৰণা ভুল। বয়স এটা সংখ্যা। নাৰীৰ সৌন্দৰ্য তেওঁৰ ব্যক্তিত্বত প্ৰকাশ পায়। বয়সত নহয়। সকলো ধাৰণা ভুল!

Exit mobile version