Site icon Guwahati Times

সুৰনন্দন ভাৰতীৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীৰ কৃতিত্ব, অধ্যক্ষলৈ “নন্দন সৰস্বতী” সন্মান

 

 

নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীয়ে ৰাষ্টীয় পৰ্যায়ত কৃতিত্ব লাভ কৰিছে ৷ সুৰনন্দন ভাৰতীৰ কলকতা ব’ৰ্ডৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ শিক্ষাৰ্থী তিস্তা কলিতাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ ছাত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰী তিস্তা কলিতাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত কুমাৰ প্ৰিন্স আৰু দীপান্বিতা চৌধুৰীয়ে দ্বিতীয় শ্ৰেষ্ঠ আৰু মুনমি বৰাই তৃতীয় স্হান লাভ কৰিছে ৷ প্ৰতিষ্ঠানটিৰ অধ্যক্ষ ড° প্ৰদীপ মজুমদাৰক সুৰনন্দন ভাৰতীয়ে “নন্দন সৰস্বতী” সন্মানেৰে সন্মানিত কৰিছে ৷ উল্লেখ্য যে যোৱা ৭ আৰু ৮ ডিচেম্বৰত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ইন্দুমতী সভাগৃহ আৰু জ্ঞান মঞ্চত অনুষ্ঠিত সুৰনন্দন ভাৰতীৰ ৩০ সংখ্যক সৰ্বভাৰতীয় সন্মিলন আৰু সুৰনন্দন উৎসৱৰ প্ৰথম দিনা শিক্ষাৰ্থীসকলক সন্মানিত কৰা হয় ৷ এই অনুষ্ঠানত অসমৰ লগতে ত্ৰিপুৰা, নাগালেণ্ড,উৰিষ্যা,দিল্লী,পশ্চিমবংগ আদিৰ শিল্পীৰ সমাবেশ হৈছিল। উক্ত অনুষ্ঠানত অধ্যাপক পুষ্পিতা মুখাৰ্জী,সাহিত্য একাডেমীৰ সচিব দেবেন্দ্ৰ কুমাৰ দেবেশ,পণ্ডিত মল্লাৰ ঘোষ,ওডিসি নৃত্যগুৰু মনালিছা ঘোষ, বাউল শিল্পী পাপিয়া ষোষাল,তবলা শিল্পী জুলফিকাৰ হুছেইন,অমিত দত্ত, অনিমেষ কুমাৰ পাল,ডা° সুকোমল দাস আদি উপস্হিত আছিল। ৰাষ্টীয় পৰ্যায়ত তিস্তা,প্ৰিন্স,দীপান্বিতা আৰু মুনমিয়ে লাভ কৰা এই সফলতাত আনন্দমুখৰ হৈ পৰিছে প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ প্ৰশিক্ষকৰ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকল।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version