Site icon Guwahati Times

ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জিলিকিল নগাঁৱৰ ড০ জুনু দেৱী

নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ৰ গানণিক ড০ জুনু দেৱীয়ে ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। গোৱাত ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত(৫৫বছৰ উৰ্ধৰ)ড০ জুনু দেৱীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য় যে ড০ দেৱীয়ে শ্বটপুট আৰু ডিছকাছ শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সফলতাত ননৈ মহাবিদ্যালয়ৰ লগতে অঞ্চলটোৰ লোকসকল উৎফুল্লিত হৈ পৰিছে।

উল্লেখ যে ইয়াৰ আগতে ২০২৩ বৰ্ষত ডিফুত অনুষ্ঠিত অসম মহিলা এথেলেটিক্স প্ৰতিযোগিতাত উল্লিখিত তিনিটা শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ড০ জুনু দেৱী।

Exit mobile version