Site icon Guwahati Times

ব্ৰহ্মপুত্ৰৰ পাৰত দুই ফুল কুমলীয়া শিশুৰ মৃতদেহ

গুৱাহাটীৰ লাচিত ঘাটত উদ্ধাৰ দুটাকৈ শিশুৰ মৃতদেহ। ৫-৬ মহীয়া শিশু দুটিক গাঁতত পুতিবলৈ চেষ্টা কৰিছিল কোনো লোকে। কিন্তু গাঁত খান্দি নোপোতাকৈ পেলাই থৈ যায় শিশুদুটিৰ মৃতদেহ। মৃত শিশুদুটিৰ এটি ল’ৰা আৰু এজনী ছোৱালীৰ বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুদুটিৰ মৃতদেহ। ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে পুৱাৰ ভাগতে শিশু দুটিক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ।

Exit mobile version