Site icon Guwahati Times

এচিকুট হালধিৰ কি কি উপকাৰিতা জানেনে?

আপোনাৰ গা-ধোৱা পানীত মিহলি কৰক এচিকুট হালধি। হালধি পানী আপোনাৰ বাবে অত্যন্ত উপযোগী হ’ব পাৰে। পানীত হালধি মিহলি কৰি গা-ধোলে বৃদ্ধি পায় ছালৰ উজ্জ্বলতা। ছালৰ বিভিন্ন সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতো ই ফলপ্ৰসূ। আপুনি যদি ছালৰ বিভিন্ন সমস্যাত ভুগিছে তেন্তে আপুনি নিতৌ গা-ধোৱা পানীখিনিত মিহলি কৰি লওঁক এচিকুট হালধি। কাৰণ হালধিৰ পানীয়ে ছালক বহুতো সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰে। হালধিত এণ্টি-অক্সিডেণ্ট থাকে যিয়ে ছালৰ সমস্যা দূৰ কৰে। শালমইনাৰ সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰতো হালধি মিহলোৱা পানী আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। শালমইনাৰ দাগ আঁতৰ কৰাৰ লগতে ছাল পৰিষ্কাৰ কৰাত সহায় কৰে। ছালৰ ঘা নিৰাময়তো সহায়ক হালধি। হালধি মিহলি কৰা পানীৰে নিয়মীয়াকৈ গা ধুলে ছালৰ ঘা সোনকালে আৰোগ্য হ’ব পাৰে। কিন্তু অত্যাধিক হালধি পানীৰে গা ধোৱাৰ ফলত ছালত এলাৰ্জিৰ সমস্যাও হ’ব পাৰে। যদি আপুনি হালধিৰ প্ৰতি এলাৰ্জি অনুভৱ কৰে, তেন্ত ইয়াৰ পৰা বিৰত থাকক। অন্যথা ছালৰ বিভিন্ন সমস্যা দূৰ কৰিব বাবে গা-ধোৱা পানীত আপুনি নিতৌ অলপমাল হালধি গুড়ি ব্যৱহাৰ কৰিব পাৰে।

Exit mobile version