মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ নামভৰ্তিত প্ৰতিবন্ধীৰ বাবে ৫শতাংশ আসন সংৰক্ষণৰ কৰক

1 min read

কামৰূপৰ সমাজ কল্যাণ বিষয়াগৰাকীৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ বিশেষ টেট অনুষ্ঠিত কৰি প্ৰতিবন্ধী লোকক শিক্ষক পদত নিযুক্তিৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ

ৰাজ্যত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাত নতুনকৈ হবলগীয়া নামভৰ্তিত প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগতে চিকিৎসা তথা কাৰিকৰী মহাবিদ্যালয় সমুহত প্ৰতিবন্ধী আইন ২০১৬ৰ ৩২নং দফা অনুসৰি ৫শতাংশ হাৰত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত সংস্হাৰ সম্পাদক নৃপেন মালাকাৰে আত ধৰা সংবাদ মেলত দৃষ্টিহীন যুৱ সংস্হাৰ সদস্য তথা কটন বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰ তাপশ কলিতাই এই কথা সদৰী কৰিছে৷ সদস্যগৰাকীয়ে কয় প্ৰতিবন্ধী আইনত স্পষ্টভাৱে থকাৰ পিছতো ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ বাবে আজিলৈকে কোনো এখন বিদ্যালয় মহাবিদ্যালয়তে প্ৰতিবন্ধীৰ বাবে আইন অনুসৰি আসন সংৰক্ষণৰ ব্যৱস্থা হোৱা নাই৷

 

যাৰবাবে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিছৰা প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰী সকলে সংবিধান প্ৰদত্ত প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷ ইতিমধ্যে আমি সংগঠনৰ তৰফৰ পৰা ২০২১-২২বৰ্ষৰ বাবে হবলগীয়া নামভৰ্তিত ৫শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ শিক্ষামন্ত্ৰী আৰু প্ৰতিবন্ধী আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো৷ গতিকে ৰাজ্যৰ প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ বাবে এইবাৰ চৰকাৰখনে সিদ্ধান্ত লব বুলি আমি আশাবাদী৷ ইফালে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিশেষ টেট পৰিক্ষা অনুষ্ঠিত কৰি শিক্ষা বিভাগৰ ২২৯২১টা পদত দিবলৈ ওলোৱা নিযুক্তি প্ৰক্ৰিয়াত ৪শতাংশ হাৰত প্ৰতিবন্ধী লোকক নিযুক্তি দিবলৈ আজিৰ সংবাদমেলতে দাবী উত্থাপন কৰে৷ সংগঠনটোৰ স্পষ্টমত দীৰ্ঘদিনৰে পৰা সংগঠনটোৱে বিশেষ টেট পৰিক্ষা অনুষ্ঠিত কৰি প্ৰতিবন্ধী সকলক নিযুক্তি দিয়াৰ বাবে দাবী জনাই আহিছিল৷ সেইমৰ্মে ২০১৯চনত শিক্ষা বিভাগৰে হোৱা অলোচনা অনুসৰি শীঘ্ৰে বিশেষ টেট পৰিক্ষা অনুষ্ঠিত কৰি প্ৰতিবন্ধী সকলোকো শিক্ষক পদত নিযুক্তি দিবলৈ দাবী জনাইছে৷

সংবাদমেলতে দৃষ্টিহীন পৰিষদ অসমৰ সাধাৰণ সম্পাদক প্ৰনব বেজবৰুৱাইকয় আমাৰ লগত কোনো লোকে সংবিধান বিৰোধী কাম কৰিলেও তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা দেখা নাযায়৷ উদাহৰণ স্বৰূপে সমাজ কল্যাণ বিভাগৰ কামৰূপ জিলাৰ কৰ্মচাৰী এগৰাকীয়ে আচনিৰ ধন মোকলাই দিয়াৰ নামত আমাৰ এগৰাকী সদস্যৰ পৰা ধন বিছাৰিছিল৷ পিছত ঘটনা সন্দৰ্ভত তথ্য সহকাৰে অভিযোগ দাখিল কৰাৰ পিছত বিভাগে অভিযুক্ত কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধ ব্যৱস্থা গ্ৰহণ কৰিলে যদিও জিলা সমাজ কল্যাণ বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল৷ সঞ্চালকৰ পৰা আৰম্ভ কৰি সকলো বিষয়া কৰ্মচাৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰখা জিলা সমাজ কল্যাণ বিষয়া গৰাকীক অন্তত বিষয়টো তদন্ত চলি থকা সময়ছোৱা দায়িত্বৰ পৰা আতৰত ৰাখিবলৈ আমি বাৰম্বাৰ অনুৰোধ কৰিছিল৷ সকলোৰে সৈতে ভাল সম্পৰ্ক থকাৰ বাবেই ৰুবুল শৰ্মা নামৰ বিষয়া গৰাকীক আতৰ নকৰিলে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে৷ সততে বিতৰ্কত থকা তথা বিভিন্ন দুৰ্নীতিত নাম সাঙোৰ খোৱা ৰুবুল শৰ্মা নামৰ লোকজনক ধনে বলে প্ৰভাৱশালী হোৱাৰ বাবে তদন্তত গাফিলতি কৰিলে নেকি বুলিও প্ৰশ্ন কৰে সদস্যজনে৷

সংবাদ মেলতে চাৰিমাহৰ অনাদায় হৈ থকা দীনদয়াল পেঞ্চন আচনিৰ চাৰি হাজাৰ টকা শীঘ্ৰেই মুকলি কৰি দিবলৈ দাবী জনোৱাৰ উপৰি বেলতলাত নতুনকৈ স্থাপন কৰিব বিছৰা সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সৱলীকৰণৰ বিশেষ সঞ্চালকালয়ত যিজন সঞ্চালকক দায়িত্ব দিয়া হব তেওঁ একক দায়িত্বপ্ৰাপ্ত বিষয়া হব লাগিব৷ দুটাকৈ দায়িত্বপ্ৰাপ্ত বিষয়া হলে আমি মানি লব নোৱাৰিম৷ মানে আমি কব বিছাৰিছো বিভাগটো ভালদৰে চলিবলৈ হলে তেওঁৰ যাতে অন্য দায়িত্ব নাথাকে৷ তেতিয়াহে ৰাজ্যখনৰ লাখ লাখ আজিও চৰকাৰী সাহায্যৰ পৰা বঞ্চিত প্ৰতিবন্ধী সকল উপকৃত হব৷ আজিৰ সংবাদ মেলত ২০১৮চনৰ ৩১ডিচেম্বৰতে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি চতুৰ্থ বৰ্গৰ ৫১১টা পদৰ হৈ যোৱা নিযুক্তি পৰিক্ষাৰ আসোঁৱাহ মুক্ত কৰি ঘোষণা কৰিবলৈ দাবী জনায়৷

দৃষ্টিহীন পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি নিপুল কলিতাই কয় টকাৰ বিনিময়ত নহয়, যোগ্যতাৰ ভিক্তিতহে নিযুক্তি দিয়ক৷ বিজ্ঞাপন প্ৰকাশ হোৱাৰ সময়তে চৰকাৰে নিযুক্তিৰ বাবে আৰক্ষী নিযুক্তি বোৰ্ডক দায়িত্ব দিছিল যদিও এছআই নিযুক্তি কেলেংকাৰীৰ পিছত সেই দায়িত্ব নিযুক্তি বোৰ্ডৰ পৰা আতৰাই গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰদান কৰে৷ কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰিক্ষা অনুষ্ঠিত কৰোতে বিভিন্ন আসোঁৱাহ ৰৈ গৈছে বুলি আমি তথ্য লাভ কৰিছো৷ আসোঁৱাহ সন্দৰ্ভত আমি ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগতে প্ৰতিবন্ধী আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল৷ কিন্তু সেই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আজিও নিজৰ স্হিতি স্পষ্ট কৰাৰ পৰা বিৰত আছে৷ আজিৰ সংবাদ মেলত সংস্হাৰ উপ সভাপতি আতিকুৰ ৰহমান, সদস্য প্ৰদুন্য বৰাও উপস্থিত আছিল৷

You May Also Like

More From Author