৫০ হাজাৰ টকাকৈ প্রদান ৬০০ লেখক–লেখিকাক

0 min read

অসম চৰকাৰৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত ভাষা–সাহিত্যৰ বিকাশৰ ক্ষেত্রত বিশেষ বৰঙণি আগবঢ়োৱা ৰাজ্যৰ সকলো থলুৱা ভাষাৰ ৬০ বছৰ বয়সৰ অনূর্ধ্ব ৬০০গৰাকী নির্বাচিত লেখক–লেখিকাক ৰাজ্য চৰকাৰে সম্বর্ধনা–পত্রৰ লগতে নগদ ৫০ হাজাৰ টকাকৈ প্রদান কৰে৷ একেই আঁচনিৰ অধীনত অসমৰ থলুৱা ভাষাৰ সমৃদ্ধিৰ বাবে কাম কৰি অহা অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি ২১খন সাহিত্য সভালৈ মুঠ ৪৩.২০ কোটি টকাৰ আর্থিক সাহায্য আগবঢ়ায়৷ সেইদৰে প্রজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে মহাবিদ্যালয়সমূহল্ নামভর্তিৰ ধন প্রদানৰ লগতে ছাত্র–ছাত্রীসকললৈ পাঠ্যপুথি ক্রয়ৰ বাবে ক্রমে ১৬১.৯২ কোটি টকা আৰু ৫০.৯০ কোটি টকা প্রদান কৰে৷ আজি বিয়লি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই বিত্তীয় অনুদানসমূহ প্রদান কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এখন সমাজ, এখন ৰাষ্ট্রৰ বাবে শিক্ষাই হৈছে উন্নতিৰ জখলা৷ শিক্ষাখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰা বা চৰকাৰে সা–সুবিধা প্রদান কৰিলেই যথেষ্ট নহয়৷ এইক্ষেত্রত লক্ষ্যত উপনীত হ’ব লাগিলে ছাত্র–ছাত্রীসকলে কঠোৰ পৰিশ্রম কৰিব লাগিব৷ প্রতিগৰাকী ছাত্র–ছাত্রীয়ে দৈনিক নূ্যনতম ১০ ঘণ্টা অধ্যয়ন কৰিব লাগিব৷ ছাত্র–ছাত্রীৰ লগতে শিক্ষক–শিক্ষয়িত্রী, পিতৃ–মাতৃ, অভিভাৱকসকলেও যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব৷ কাৰণ পিতৃ–মাতৃ আৰু অভিভাৱকে তেওঁলোকৰ সন্তান কোনটো বিষয়ত পার্গত আৰু কোনটো বিষয়ত দুর্বল, সেই বিষয়ে ঘৰত যেনেদৰে জানে, সেইদৰে শিক্ষক–শিক্ষয়িত্রীস কোনগৰাকী ছাত্র–ছাত্রী কোন বিষয়ত পার্গত, কোন বিষয়ত দুর্বল, সেই বিষয়ে শ্রেণীকোঠাত জানে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দৈনিক ১৮ ঘণ্টাকৈ পৰিশ্রম কৰা বুলি উল্লেখ কৰি আটাইকে পৰিশ্রম কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রী সোণোৱালে কয় যে কঠোৰ পৰিশ্রমৰ জৰিয়তেহে সাফল্য লাভ কৰিব পাৰি৷ নতুন প্রজন্মই দক্ষিণ–পূব এছিয়াৰ ১৩খন ৰাষ্ট্রত প্রভুত্ব বিস্তাৰ কৰিব লাগিলে ছাত্র–ছাত্রীসকলে বিভিন্ন কর্মখণ্ডত উন্নত মানৱ সম্পদ হিচাপে নিজকে গঢ়িব লাগিব৷ বিশ্ব জয় কৰাৰ বাবে কোনেও ইংলেণ্ড, আমেৰিকা, চীনত জন্মলাভ কৰিব নালাগে৷ এইক্ষেত্রত নগাঁৱৰ হিমা দাসেই উৎকৃষ্ট উদাহৰণ৷ লেখক–সাহিত্যিকসক তেওঁ এনে সাহিত্যৰ সৃষ্টি কৰক, যি সাহিত্যই সমন্বয় আৰু শান্তিৰ বার্তা দিয়ে৷ সমন্বয় আৰু শান্তিৰ জৰিয়তেহে সফলতা অহা বুলি উল্লেখ কৰি তেওঁ কয় যে শান্তি অবিহনে মানুহে পৰিশ্রম কৰিব নোৱাৰে৷ অপহৰণ, বোমা বিস্ফোৰণ, ভাবুকি আদি চলি থাকিলে কোনেও কাম কৰাৰ পৰিৱেশ লাভ নকৰে৷ সেইদৰে প্রত্যেকখন সাহিত্য সভাকে সমন্বয়ৰ গীত ৰচনা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রী সোণোৱালে কয় যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই যিদৰে তেওঁলোকৰ সৃষ্টিৰাজিত সমন্বয়ৰ বার্তা আনিছিল, তেনেদৰে এতিয়াৰ লেখকসকলেও সমাজত তেনে সমন্বয়ৰ বার্তা কঢ়িয়াই আনিলে সমাজখন উপকৃত হ’ব৷

ইপিনে অনুষ্ঠানত ভাষণত মন্ত্রী ড০ শর্মাই কয় যে ২০১৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত বিজেপিৰ প্রতিশ্রুতি আছিল নাৰী শিক্ষা বিনামূলীয়া কৰাৰ৷ পৰৱর্তী পর্যায়ত যিসকল ছাত্র–ছাত্রীৰ পৰিয়ালৰ বার্ষিক উপার্জন ২ লাখ টকাতকৈ কম, তেওঁলোকৰ কলেজত নামভর্তি বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰা হয়৷ যোৱা ৫টা বছৰত এই আঁচনিখনে সার্বজনীন ৰূপ পায়৷ প্রতিবছৰে ২ লাখ ছাত্র–ছাত্রীয়ে বিনামূলীয়াকৈ কলেজত নামভর্তি কৰিবলৈ সক্ষম হয়৷ যোৱা বছৰ ক’ভিড মহামাৰীৰ কালত চৰকাৰে সেই আঁচনিখনৰ জৰিয়তে এ পি এল–বি পি এল সকলো পৰিয়ালৰ ছাত্র–ছাত্রীক সামৰি লোৱাৰ ব্যৱস্থা কৰে৷ আনকি কলেজৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত নামভর্তি বিনামূলীয়া কৰা হয়৷ যাৰ বাবে এইবাৰ ৪ লাখ ছাত্র–ছাত্রীৰ নামভর্তি বিনামূলীয়া হৈছে৷ প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২০–২১ শৈক্ষিক বর্ষত নামভর্তি কৰা ৪,০৭,৫৮১গৰাকী ছাত্র–ছাত্রীৰ নামভর্তিৰ মাচুলৰ ধন মুঠ ১৬১.৯২ কোটি টকা ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহক্ আজি প্রদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷ উচ্চ শিক্ষা সার্বজনীন কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে তেওঁ প্রথম শিক্ষামন্ত্রীৰ দায়িত্ব লোৱাৰ সময়ত উচ্চ শিক্ষাৰ হাৰ ২০ শতাংশৰ আশে–পাশে আছিল৷ বিনামূলীয়া নামভর্তিকে ধৰি নতুন নতুন বিশ্ববিদ্যালয়, মহাবিদ্যালয় স্থাপন কৰি সেই হাৰ ৬০ শতাংশৰ আশে–পাশে লৈ যোৱাৰ ব্যৱস্থা কৰিছে৷ অনাগত দিনত প্রতিটো উন্নয়ন খণ্ডতে একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ তেওঁ আৰু কয় যে বিগত বর্ষৰ দৰে ২০২০–২১ বর্ষতো প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্নাতক মহলাৰ ছাত্র–ছাত্রীসকলক পাঠ্যপুথি ক্রয়ৰ বাবে ১,৫০০ টকাকৈ আৰু স্নাতকোত্তৰ মহলাৰ ছাত্র–ছাত্রীলৈ ২,০০০ টকাকৈ প্রদান কৰাৰ শিতানো গ্রহণ কৰিছে৷ আজি এই ধনৰাশি ছাত্র–ছাত্রীসকলক বেংক একাউণ্টযোগে প্রদান কৰা হয়৷ এইবাৰ ৩,২৬,০৪৬গৰাকী ছাত্র–ছাত্রীয়ে এই সুবিধা লাভ কৰিছে৷ ইয়াৰ বাবে চৰকাৰৰ ৫০ কোটি ৯০ লাখ টকা ব্যয় হৈছে৷ আনহাতে, ৰাজ্য চৰকাৰৰ আন এখন অভিলাষী আঁচনি অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত অসমৰ থলুৱা ভাষা সমৃদ্ধিৰ বাবে কাম কৰি অহা ২১খন সাহিত্য সভালৈ মুঠ ৪৩.২০ কোটি টকা আর্থিক সাহায্য প্রদান কৰা হব৷ সমগ্র দেশৰ লগতে অসমতো ৰাষ্ট্রীয় শিক্ষা নীতি আৰম্ভ হোৱাৰ লগে লগে প্রাথমিক স্তৰৰ বিদ্যালয়ত ছাত্র–ছাত্রীসকলে নিজ নিজ মাতৃভাষাত শিক্ষা গ্রহণ কৰাৰ সুবিধা লাভ কৰিব৷ অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে, পঞ্চম শ্রেণীলৈ ইংৰাজীত নহয়, নিজ নিজ মাতৃভাষাতহে শিক্ষা গ্রহণ কৰিব৷ হিন্দী, বাংলা, গাৰো, অসমীয়া, মিচিং, বড়ো, ৰাভা, কুকী, কার্বি, ডিমাচা, যাৰ যিটো মাতৃভাষা, সেই মাতৃভাষাতেই শিক্ষা লাভ কৰিব পাৰিব৷ ইয়াৰ বাবে তেওঁ সাহিত্য সভাসমূহে পাঠ্যপুথি প্রস্তুত কৰিব লাগিব বুলি উল্লেখ কৰে৷

অসম সাহিত্য সভাক ৬ কোটি, বড়ো সাহিত্য সভাক ৩ কোটি, দেউৰী সাহিত্য সভা, ডিমাচা সাহিত্য সভা, অসম নেপালী সাহিত্য সভা, ৰাভা সাহিত্য সভা, মিচিং সাহিত্য সভা, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, পূর্বাঞ্চল তাই সাহিত্য সভা, অসম মণিপুৰী সাহিত্য পৰিষদ, গাৰো সাহিত্য সভা, মৰাণ সাহিত্য সভা, অসম চাহ জনজাতি সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, কুৰুচ সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, অসম চাওতালী সাহিত্য সভা, মুণ্ডাৰী সাহিত্য সভা আৰু শৰণীয়া কছাৰী সাহিত্য সভাক ১.৮০ কোটি টকাকৈ আর্থিক অনুদান আগবঢ়ায়৷ অৱশ্যে সাহিত্য সভাসমূহে সেই অনুদানৰ মূল অংশ খৰচ কৰিব নোৱাৰিব৷ মূল অংশৰ পৰা লাভ কৰা সুদহে ব্যয় কৰিব পাৰিব৷ মূল অংশ ক’পাছ পুঁজি হিচাপে জমা থাকিব৷ একেদৰে ভাষা–সাহিত্য বিকাশৰ ক্ষেত্রত বিশেষ বৰঙণি আগবঢ়োৱা ৬০০গৰাকী লেখক–লেখিকাকো ৫০ হাজাৰ টকাকৈ আর্থিক অনুদান আগবঢ়ায়৷ উক্ত লেখক–লেখিকাসকলৰ্ ভিতৰত ‘নিয়মীয়া বার্তা’ৰ দুগৰাকী উপ–সম্পাদক উপেন্দ্রনাথ কলিতা আৰু ড০ গীতালি শইকীয়াও আছে৷ সুস্থ জাতীয়তাবাদৰ জৰিয়তে সমাজত একতা আৰু সমন্বয় স্থাপনৰ ক্ষেত্রত নতুন লেখক–লেখিকাসকলক্ পৰিৱেশ স্থাপনৰ বাবে আহ্বান জনায়৷

You May Also Like

More From Author