Site icon Guwahati Times

হিট এণ্ড ৰান আইনক লৈ উত্তাল দেশ, ৫ আৰু ৬ জানুৱাৰীত অসমত বন্ধ থাকিব OLA, UBER সেৱা!

দেশত প্ৰৱৰ্তন হোৱা নতুন পৰিবহণ আইনক লৈ দেশজুৰি উত্তাল প্রতিবাদ দেখিবলৈ পোৱা গৈছে।
এতিয়াৰে পৰা হিট এণ্ড ৰানৰ গোচৰত চালকে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ। হিট এণ্ড ৰানৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকা পর্যন্ত জৰিমনা বিহিব।

এই আইনৰ বিৰোধিতা কৰিছে ট্রাকচালক আৰু বাছচালকে। চালকসকলৰ দাবী তেওঁলোকে ইমান জৰিমনা ভৰিব নোৱাৰে। ট্রাক আৰু বাছচালকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে দেশ। অসমতো ব্যাপক প্রতিবাদ দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে খবৰ অনুসৰি, ৫ আৰু ৬ জানুৱাৰীত অসমত বন্ধ থাকিব সকলো বাছ আৰু ট্রাক! অ’লা-উবেৰ-ৰেপিড’ চালকেও সাব্যস্ত কৰিব প্রতিবাদ! ট্রাকচালক, বাছচালক, ট্ৰেক্টৰচালকে সাব্যস্ত কৰিব প্রতিবাদ
ই-ৰিক্সাচালকেও বন্ধ ৰাখিব ই-ৰিক্সাৰ চলাচল! যান-বাহন আইনৰ সংশোধনী বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত। চালকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিব পাৰে দেশ!

Exit mobile version