Site icon Guwahati Times

ঢকুৱাখনাত পৰপুৰুষৰে পত্নীৰ পলায়নত শোকাহত স্বামীৰ আত্মহত্যা…

দুই কণমানি সন্তানক এৰি পত্নী পৰপুৰুষৰ সৈতে পলাই যোৱাৰ দুখ আৰু লাজত স্বামীয়ে আত্মহত্যা কৰাৰ ঘটনাই সৃৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ম’হঘুলি চাপৰিত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি ঢকুৱাখনা নগৰৰ ম’হঘুলি চাপৰিৰ বাসিন্দা শৰৎ দাসৰ পত্নী কেইদিনমান পূৰ্বে নিশা ঢকুৱাখনাৰেই ভাটি হুজ গাঁৱৰ পদুম দাস নামৰ আন এজন বিবাহিত পুৰুষৰ সৈতে পলায়ন কৰে। পত্নীৰ এনে কাৰ্য্যত নিৰ্জু শৰৎ দাস শোকত ভাগি পৰে আৰু গ্লানি সহ্য কৰিব নোৱাৰি বুধবাৰে নিশা চিপ লৈ আত্মহত্যা কৰে। আত্মীয়ই জনোৱা মতে শৰৎ দাসৰ পত্নীৰ পদুম দাসৰ সৈতে আছিল অবৈধ সম্পৰ্ক। জানিব পৰা মতে ইতিমধ্যে তিনিবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে পদুম দাস।পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে ভৰপূৰ পদুম দাসলৈ পলাই যোৱা শৰৎ দাসৰ লগত পত্নীয়ে লৈ গ’ল নগদ ধনৰ লগতে সোনৰ আ-অলংকাৰ তথা বেংকৰ নথি-পত্ৰও। পৰপত্নীক প্ৰেমপাশত আবদ্ধ কৰি পলুৱাই নিয়া পদুম দাসক শাস্তি বিহাৰ দাবীত গঞাই উত্তেজিত হৈ পৰিছে। ইফালে মাতৃ পলাই যোৱাৰ পিছতে পিতৃহাৰাও হ’ল দুই কণমানি। নিথৰুৱা হৈ পৰা কণমানি দুটিক লৈ এতিয়া চিন্তাত পৰিছে আত্মীয়-পৰিয়াল। নিথৰুৱা হৈ পৰা পলাই যোৱা মাতৃক বিচাৰি এতিয়া হাহাকাৰ কৰিছে কণমানি দুই পুত্ৰ সন্তানে।

Exit mobile version