Site icon Guwahati Times

নাবালিকা নিৰ্যাতনকাৰী ৰাহুল মুছাহাৰী আৰু জয়নাল আবেদিনক সশ্ৰম কাৰাৱাস, জৰিমনা…

কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে আজি পৃথকে পৃথকে কৰা দুটা ৰায়দানত দুই নাবালিকা নিৰ্যাতনকাৰীক সশ্ৰম কাৰাদণ্ডৰ লগতে জৰিমনা বিহিছে । ইয়াৰে এটা হ’ল ধুবুৰী জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত খামাৰগাঁৱৰ জয়নাল আবেদিন (২৮) আৰু আনটো হ’ল কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ থানাৰ অন্তৰ্গত জোনালী গাঁৱৰ ৰাহুল মুছাহাৰী (৩০)।

বিশেষ গোচৰ নং ১৭/২০ মৰ্মে জয়দেৱ কোচৰ বিশেষ আদালতে পকছো আইনৰ অধীনত জয়নাল আবেদিনক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে ৬ মাহৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলিও ৰায় প্ৰদান কৰিছে।

আনহাতে বিশেষ গোচৰ নং ২৮/২০ মৰ্মে জয়দেৱ কোচৰ বিশেষ আদালতে ৰাহুল মুছাহাৰীক পকছো আইনৰ অধীনত পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে দুমাহ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায় প্ৰদান কৰিছে ৷

কোকৰাঝাৰ বিশেষ আদালতৰ চৰকাৰী অধিবক্তা মঞ্জিত কুমাৰ ঘোষে জানিবলৈ দিয়া মতে ২০২০ চনৰ ১৮ জুনত বগৰীবাৰী থানাৰ অন্তৰ্গত খামাৰ গাঁৱৰ জয়নাল আবেদিনে এগৰাকী নাবালিকা কিশোৰীক বিয়াৰ প্ৰলোভন দি যৌন কাৰ্যত লিপ্ত হয় ৷ ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে ২১ জুনত বগৰীবাৰী থানাত এক গোচৰ ৰজু কৰে।

বগৰীবাৰী থানাৰ গোচৰ নং ৬৪/২০ আৰু বিশেষ গোচৰ নং ১৭/২০ মৰ্মে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল আৰু আজি কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু পকছো আইনৰ ৪(১)মৰ্মে জয়নাল আবেদিনক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে ৬ মাহৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলিও ৰায় প্ৰদান কৰিছে।

আনহাতে চৰকাৰী অধিবক্তা মঞ্জিত কুমাৰ ঘোষে সদৰি কৰা মতে এগৰাকী নাবালিকা কিশোৰীক অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ উদ্দেশ্যৰে ৰাহুল মুছাহাৰীয়ে নাবালিকাগৰাকীক হাতত ধৰি টানি কলবাগানত নিছিল যদিও কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত আচামী জনে পলাই যায় ৷

পিছত পৰিয়ালৰ লোকে ২০২০ চনৰ ১৫ আগষ্টত গোসাইগাওঁ থানাত ৰাহুল মুছাহাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । গোসাইগাওঁ থানাৰ গোচৰ নং ৩৩৯/২০ আৰু বিশেষ গোচৰ নং ২৮/২০ মৰ্মে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থাকে আৰু আজি কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে ৰাহুল মুছাহাৰীক পকছো আইনৰ অধীনত পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে পাঁচ হেজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে দুমাহ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায় প্ৰদান কৰিছে।

Exit mobile version