শীতকালত সাধাৰণতে প্ৰায়ে ছাল শুকান আৰু খহটা হৈ পৰা দেখা যায়। চুলিৰ সমস্যাতো ভোগা দেখা যায় শীতকালত। শুকান ছালৰ সমস্যা ৰোধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো দৰকাৰ। কাৰণ পানীয়ে আমাৰ শৰীৰটো হাইড্ৰেড কৰি ৰাখে। লগতে সেউজীয়া শাক-পাচলি, ফলমূল আদি খোৱাটো দৰকাৰ। আপুনি ৰাতি শোৱাৰ আগতে কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ গোলাপ জল মিহলি কৰি ওঁঠত লগাব পাৰে। যাৰ ফলত আপোনাৰ ওঁঠ ফটা সমস্যা দূৰ হ’ব। শীতকালত চুলিৰ উফি সমস্যাও দেখা যায়। বাদামৰ তেলে ছালৰ উপযুক্ত আৰ্দ্ৰতা প্ৰদান কৰে আৰু প্ৰাকৃতিক উজ্বলতা বজাই ৰখাত সহায় কৰে। আপুনি আপোনাৰ মুখমণ্ডল বাদাম তেলৰে মালিচ কৰিব পাৰে। ফল-মূল, সেউজীয়া শাক-পাচলি, ভিটামিন চি যুক্ত আহাৰ গ্ৰহণ কৰিলেও বৃদ্ধি পাব আপোনাৰ ছালৰ উজ্বলতা।
ছাল শুকান আৰু খহটা হৈছে নেকি, তেন্তে কি কৰিব?

