Site icon Guwahati Times

সাধাৰণ ভক্তৰ বাবে মুকলি কৰা হ’ল ৰাম মন্দিৰৰ দুৱাৰ

মংগলবাৰৰ পৰা সকলো ভক্তয়ে ৰামলালাৰ দৰ্শন কৰিব পাৰিব। আজি পুৱা ৫.৩০ বজাত সম্পন্ন হয় ৰামল্লাৰ শৃংগাৰ আৰু আৰতি। পুৱা ৭ বজাৰ পৰা ৰামলালাৰ দৰ্শন আৰম্ভ হয়। আজি হাজাৰ হাজাৰ ভক্তই শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ দৰ্শন কৰিব। ইতিমধ্যে ৰামলালাৰ অভিষেকৰ বাবে সহস্ৰাধিক ভক্তই ৰাম নগৰীত উপস্থিত হৈছে। তথ্য অনুসৰি বছৰত ৫ কোটিৰো অধিক ভক্তই ৰামলালাৰ দৰ্শন কৰাৰ সম্ভাৱনা।

প্ৰতিদিনে তিনিবাৰকৈ হ’ব ৰামলালাৰ আৰতি। পুৱা ৭ বজাৰ পৰা ১১.৩০ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খোলা থাকিব ৰাম মন্দিৰৰ মূল দ্বাৰ। ভক্তৰ বৃহৎ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এজন ভক্তই গৰ্ভগৃহ দৰ্শনৰ বাবে মাত্ৰ প্ৰায় ১৫ৰ পৰা ২০ ছেকেণ্ড সময়হে দিয়া হৈছে বুলি জানিব পৰা গৈছে।

Exit mobile version