Site icon Guwahati Times

অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু; ধনৰ অভাৱতে পৰিয়ালে আনিব পৰা নাই মৃতদেহ

কৰ্মসংস্থাপনৰ অভাৱত পৰি পেটৰ তাড়নাত বহিঃৰাজ‍্যত কৰ্ম সংস্থাপন বিচাৰি গৈ চৰম মৃত‍্যুক সাৱতি ল’লে অসমৰ এজন যুৱকে। এই ঘটনাই মেৰাপানীৰ এটা দৰিদ্ৰ পৰিয়াললৈ কঢ়িয়াই আনিছে অমানিশা ।

বছৰৰ শেষৰটো দিনতে যোৱা ৩১ ডিচেম্বৰত তামিলনাডুৰ চেন্নাইত মৃত্যু হৈছে মেৰাপানীৰ এজন ব্যক্তিৰ। গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ গমাৰীগুৰি গাঁও পঞ্চায়তৰ কলবাৰী গাঁৱৰ নিবাসী সিন্ধুৰাম দলেৰ পুত্ৰ উমাকান্ত দলে(৪৮)নামৰ ব্যক্তিজনৰ বহিঃৰাজ‍্যত মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

উমাকান্ত দলে নামৰ ব্যক্তিজনে বিগত ছমাহ ধৰি চেন্নাইৰ এটা কোম্পানীত চিকিউৰিটী গাৰ্ড হিচাপে নিয়োজিত হৈ আছিল। যোৱা ৩০ ডিচেম্বৰত ৰোগাক্ৰান্ত হৈ চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা ৩১ ডিচেম্বৰত মৃত্যু ঘটে।

সম্প্ৰতি ব্যক্তিজনৰ মৃতদেহ চেন্নাইৰ পৰা নিজ ঘৰলৈ আনিবলগা হোৱাত অৰ্থ অভাৱত দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে। ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ ভেটি মাটি বিক্ৰী কৰিও মৃতদেহটো অনাৰ বাবে ব্যক্তিগত এম্বুলেন্সৰ ব্যৱস্থা কৰিছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

Exit mobile version