Site icon Guwahati Times

শনিবাৰৰ দিনটোত মৰাণত ৭টা মহিলা-কিশোৰী-শিশু নিৰুদ্দেশৰ ঘটনা

সমাজ জীৱনত এনে কিছুমান অপৰাধজনক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় যিয়ে সকলোকে চিন্তিত কৰি তোলে। প্ৰতিদিনে সংঘটিত কিবা নহয় কিবা ঘটনাই সমাজত শান্তিৰ পৰিৱেশ যেন নষ্ট কৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে সাধাৰণ জনতাৰ দৈনন্দিন জীৱন-যাপনত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে। মৰাণ আৰক্ষী থানাত একেদিনাই ৬টা মহিলা-কিশোৰী, ১টা শিশু নিৰুদ্দেশ সন্দৰ্ভত গোচৰ ৰুজু হৈছে। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা, এটি শিশু আৰু এগৰাকী কিশোৰী নিৰুদ্দেশ হৈছে।

জানিব পৰা মতে, মৰাণ ফটিকাছোৱাৰ মানস প্ৰতিম চুতীয়াৰ পত্নী ৰুপু চুতীয়া (২৬), মৰাণৰ ১ নং কাৱৈমাৰিৰ জীৱন বুঢ়াগোহাঁইৰ পত্নী পাহাৰী বুঢ়াগোহাঁই (২৩), চহৰীকটা কৈৱৰ্ত গাঁৱৰ চন্দিকান্ত দাসৰ পত্নী কল্পনা দাস (২৫) আৰু কনমানি পুত্ৰ, গছপুৰীয়া গাঁৱৰ স্বৰ্গীয় লুকেশ্বৰ গগৈৰ কন্যা চুমু গগৈ (২৬), গছপুৰীয়া বঙালী গাঁৱৰ সত্যজিত কলিতাৰ পত্নী মধুস্মিতা ফুকন কলিতা (২৬) আৰু মৰাণ চামুগুৰিৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী নিৰুদ্দেশ হৈছে। শনিবাৰৰ দিনটোত নিৰুদ্দেশ সংক্ৰান্তত মৰাণ থানাত ৬টা গোচৰ ৰুজু হৈছে। কিন্তু বৰ্তমানলৈ তেওঁলোকৰ কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই।

এই আটাইকেইগৰাকী লোক আচলতে ক’ত গ’ল সেই কথা জানিব পৰা হোৱা নাই। এতিয়া বিভিন্ন মহলাত বহু প্ৰশ্নই গা কৰি উঠিছে যে নিৰুদ্দিষ্ট আটাইৰে মাজত কি সম্পৰ্ক? তেওঁলোক নিৰুদ্দেশ হোৱাৰ আঁৰত কোনো দুৰ্বৃত্তৰ দল আছে নেকি? তেওঁলোক কোনো মানৱ সৰবৰাহকাৰীৰ কৱলত পৰিছে নেকি? এই সকলো সন্দেহ আগত লৈ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে নিৰুদ্দেশ হোৱা লোকসকল আৰু ইয়াৰ আঁৰৰ কাৰণ জানিব পৰা যাব।

Exit mobile version