Site icon Guwahati Times

পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ। লখিমপুৰৰ পানী গাঁৱৰ সীমান্ত দত্ত নামৰ ২৩বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় হায়দৰবাদৰ নানাকৰমগোৱাত।

হায়দৰবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন। শুকুৰবাৰে নিশা সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ।

অভিযোগ অনুসৰি ঘটনাস্থলীৰ পৰা পৰিয়ালবৰ্গলৈ প্ৰেৰণ কৰা ফটোসমূহত যুৱকজনৰ দেহত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে। গতিকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালবৰ্গই।

Exit mobile version