Site icon Guwahati Times

‘কা’ বিৰোধী আগতেওঁ আছিলো এতিয়াও আছোঁ: জুবিন!

দীৰ্ঘদিনৰ মূৰত নাগৰিকত্ব সংশোধনী আইন আন্দোলন সন্দৰ্ভত মুখ খুলিলে জুবিন গাৰ্গে। আন্দোলনৰ নেতৃত্ব লোৱা জুবিন গাৰ্গে ‘কা’ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিষয়ত তেওঁ কোনো কথা ক’ব নিবিচাৰে বুলি কয় যদিও তেওঁ ‘কা’ বিৰোধী আছিল আৰুবিৰোধিতা এতিয়াও কৰে বুলিও উল্লেখ কৰে।তেওঁ কয়, ‘কা’ আন্দোলনত মই নেতৃত্বত আছিলো। মই এতিয়াও আছো। মোৰ বেমাৰ হোৱাৰ পিছত ঘূৰি আহি দেখোঁ কোনো নাই। মই, সমুজ্জ্বল দা আৰু দুই এজনহে আছিলো। সেই সময়ত গোটেই ৰাজনীতিৰ দৃশ্যপট সলনি হৈ পৰিল। গোটেই বস্তুটো ৰাজনীতি হৈ থাকিলে। সেয়ে মই এতিয়াও দুখ কৰোঁ- ইমান কষ্ট কিয় কৰিলোঁ?

তেওঁ কয়, মই তেতিয়াও ‘কা’ৰ বিৰোধী আছিলো আজিও বিৰোধিতা কৰোঁ। উল্লেখ্য যে, ‘বৰাষা’ শীৰ্ষক এটি গীত মুকলিৰ অনুষ্ঠানত সাংবাদিকৰ আঁগত এইদৰে মন্তব্য কৰে জুবিন গাৰ্গে।

Exit mobile version