Site icon Guwahati Times

কি ৰাশিৰ লোকে কি ৰঙৰ কাপোৰ পিন্ধিব লাগে জানি লওঁক…

শনিবাৰৰ দিনটো শনিদেৱক উৎসৰ্গা কৰা হয়।বিশ্বাস কৰা হয় যে, শনি দেৱে এজন ব্যক্তিৰ প্ৰতিটো ভাল আৰু বেয়া কামৰ হিচাপ ৰাখে আৰু সেই অনুসৰি তেওঁ ফল দিয়ে।যদি শনি দেৱ আপোনাৰ ওপৰত সন্তুষ্ট হয়, তেন্তে তেওঁ অৰ্থনৈতিক, সামাজিক বা পৰিয়ালকেন্দ্ৰিক সকলো সমস্যাৰ সমাধান দিয়ে।ইয়াৰ বিপৰীতে যদি অসন্তুষ্ট হয়, তেন্তে সেই ব্যক্তিৰ জীৱন ধ্বংস কৰিব পাৰে।শনি দেৱক সন্তুষ্ট কৰাৰ এক বিশেষ উপায় আছে।হয়, কিছুমান ৰঙৰ কাপোৰ পিন্ধি আপুনি শনি দেৱক সন্তুষ্ট কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

শনি দেৱৰ প্ৰিয় ৰং কি জানেনে ?

নীলা আৰু ক’লা ৰঙৰ কাপোৰ শনি দেৱৰ অতি প্ৰিয়। সেয়েহে শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে নীলা আৰু ক’লা কাপোৰ পিন্ধিব লাগে।তদুপৰি শনিবাৰে আপোনাৰ পইচাৰ বেগত নীলা বা ক’লা কাপোৰ এটুকুৰো ৰাখিব পাৰে।বিশেষকৈ, মিথুন ৰাশিৰ লোকসকলৰ বাবে শনিবাৰে ক’লা ৰং পিন্ধাটো অতি শুভ বুলি গণ্য কৰা হয়।

যদি বৃশ্চিক ৰাশিৰ লোকসকলে শনিবাৰে ক’লা কাপোৰ পিন্ধে, তেন্তে তেওঁলোকে বৈবাহিক সুখ লাভ কৰে।নিয়মৰ মাজেৰে উপাসনা আৰু উপবাস কৰি শনি দেৱৰ আশীৰ্বাদ লাভ কৰাৰ লগতে আৰু সকলো দুখ আঁতৰ হয়। শনি দেৱৰ উপাসনাৰ সময়ত তামৰ বাচন কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।কিয়নো তাম হৈছে সূৰ্যৰ ধাতু। ইয়াৰ বাহিৰেও, মনত ৰাখিব যে শনি দেৱৰ উপাসনাত ৰঙা ৰঙৰ একোয়েই যাতে ব্যৱহাৰ নকৰে। শনিবাৰে দৰিদ্ৰ লোকসকলক ক’লা সামগ্ৰী দান কৰিলেও শনিদেৱ সন্তুষ্ট হয়। আনহাতে, এইটো দিনত শনি দেৱক ক’লা তিল আৰু মাটিদালি আগবঢ়াব লাগে। শনি দেৱৰ উপাসনা কৰোতে সদায় পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত যত্ন সম্পূৰ্ণ যত্ন ল’ব লাগে।

শনিবাৰে ভুলতো এই ৰঙৰ কাপোৰ পৰিধান নকৰিব:

শনিবাৰৰ দিনটোত ভুলতো পাতল ৰঙৰ কাপোৰ পিন্ধিব নালাগে।অন্যথা ঘৰত ধন-সম্পত্তিবৃদ্ধি নহয়। জ্যোতিষশাস্ত্ৰ অনুসৰি, ক’লা, মুগা, নীলা ৰঙৰ দৰে গাঢ় ৰং শনিদেৱৰ প্ৰিয় ৰং। সেয়েহে শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে সদায় গাঢ় ৰঙৰ কাপোৰ পিন্ধিব লাগে।

Exit mobile version