Site icon Guwahati Times

যমজ কন্যাৰ মাতৃ হল জনপ্ৰিয় অভিনেত্ৰী ৰুবীনা দিলাইক !

অৱশেষত সেই সুখবৰটো আহিল। হয়, মাতৃত্বৰ সুখ লাভ কৰিলে টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰুবীনা দিলাইকে।ৰবিবাৰে ৰুবীনা আৰু স্বামী অভিনৱ শুক্লাই যমজ কন্যাৰ অভিভাৱক ৰূপে লাভ কৰিলে নতুন পৰিচয়।

এই খবৰ ৰুবীনাৰ জীম প্ৰশিক্ষকে প্ৰথমে ছ’চিয়েল মেডিয়াযোগে ৰাজহুৱা কৰে।কিন্তু পাছত তেওঁ এই প’ষ্টটো এডিট কৰে। অৱশ্যে, ই সন্দৰ্ভত বৰ্তমানেও ৰুবীনা-অভিনৱ অথবা তেওঁলোকৰ পৰিয়ালে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।উল্লেখ্য যে, ৰুবীনাৰ গৰ্ভধাৰণ সম্পৰ্কে কেইবা মাহ ধৰি চলি থকা জল্পনা-কল্পনাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ১৬ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ইনষ্টাগ্ৰামত এটা আকৰ্ষণীয় প’ষ্টৰে এই বিষয়ে নিশ্চিত কৰিছিল।ইপিনে ৰুবীনাই এটা ব্লগৰ জৰিয়তে তেওঁৰ গৰ্ভত যমজ সন্তান থকা বুলি ৰাজহুৱা কৰিছিল।

ইফালে, এই খবৰ ৰুবীনা তথা অভিনৱে আনুষ্ঠানিকভাৱে ঘোষণা নকৰাত অনুৰাগীসকল চিন্তিত হৈ পৰিছে।সকলো অনুৰাগীয়ে দুয়োজনকে শুভকামনা জনোৱাৰ লগতে নৱজাতকৰ সুস্বাস্থ্য কামনা কৰিছে।

Exit mobile version