Site icon Guwahati Times

গল ব্লাডাৰ ষ্টোনৰ সমস্যা…

সচৰাচৰ ওপৰ পেটৰ সোঁফালে প্ৰচণ্ড বিষ, জ্বৰ, বমি হ’লেই আমি সেয়া গল ব্লাডাৰ ষ্টোনৰ লক্ষণ বুলি ধৰি লওঁ। পুৰুষৰ তুলনাত মহিলা এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। কাৰণ ব্রত-উপবাস বা দীর্ঘক্ষণ ধৰি নোখোৱাকৈ থকাৰ প্ৰৱণতা মহিলাৰেই বেছি। অৱশ্যে সকলো সময়তে যে ষ্টোন হ’লেই এই ধৰণৰ বিষ হ’ব সেয়াও নহয়। কিন্তু সম্ভাৱনা থাকিয়ে যায়। গল ব্লাডাৰ বা পিত্তস্থলীত পাথৰ হোৱাৰ লক্ষণবোৰ এবাৰ জানি লওক।

ওপৰৰ পেটৰ সোঁফালে প্ৰচণ্ড বিষ সোঁ কান্ধলৈ বিয়পে আৰু ৰোগীৰ বমি হয়। প্ৰায়ে কঁপনি জ্বৰ উঠিব পাৰে। এই লক্ষণ দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব।

তৈলাক্ত খাদ্য, চর্বিজাতীয় খাদ্য বা মাংস খালে এই ধৰণৰ বিষ হ’ব পাৰে। অৱশ্যে গেছৰ ঔষধ সেৱন কৰিলে সেই বিষ ভাল হয়। মাজ পেটত বিষ হয়। বিষ প্রথমে মাজ পেটত হোৱাৰ পাছত একেবাৰে পাছফাললৈ গুচি যায়।

জ্বৰৰ স’তে বমি হ’ব পাৰে। ৰোগী এই ক্ষেত্ৰত টক্সিক হৈ পৰিব পাৰে । জ্বৰৰ লগতে জণ্ডিচ হ’ব পাৰে। এই ক্ষেত্ৰত পাথৰ হয়তো পিত্তনলীলৈ গুচি যাব পাৰে। সেই বাবেই জুৰ হৈ ক’লেনজাইটিছ হ’ব পাৰে।

এইসমূহৰ ভিতৰত যিকোনো এটা লক্ষণ থাকিলেই ততালিকে চিকিৎসকৰ ওচৰলৈ যাব। একেবাৰে অৱহেলা নকৰিব বা পাছত যাম বুলি পেলাই নথ’ব। সামান্য সমস্যাতে গেছৰ ঔষধ সেৱন কৰাটোৱেই সমস্যাৰ সমাধান নহয়।

Exit mobile version