আমাৰে ভিতৰৰ বেছিভাগ লোকেই বিচাৰে যেতিয়া তেওঁলোকে ছুটিৰ সুযোগ পাই তেতিয়া বাহিৰত কৰবালৈ ফুৰিবলৈ যাব, কিন্তু সকলোৰে বাবে এই যাত্ৰা মনোৰম হৈ নুঠে কাৰণ প্ৰায়ভাগ লোকৰ গাড়ী, বাছ, ৰে’ল বা বিমানত যাত্ৰা কৰাৰ সময়ত বমি আৰু মূৰ ঘূৰোৱাৰ সমস্যা হয়। ইয়াক মোছন ছিকনেছ বুলি কোৱা হয়।
এনে পৰিস্থিতিত আপোনাৰ যাত্ৰা স্মৰণীয় হোৱাৰ সলনি দুখজনক হৈ পৰে। যদি আপুনিও যাত্ৰাৰ সময়ত এনে সমস্যাৰ সন্মুখীন হয় তেন্তে আপোনাৰ বেগত এইকেইটা বস্তু লৈ যাওক। যদি আপুনি এইবোৰ বস্তু লগত ৰাখে তেতিয়া আপোনাৰ এই সমস্যা নহ’ব। আহক জানো কি কি বস্তু।
জানি লও আহক ফুৰিবলৈ গ’লে বমি (Vomiting) নহ’বলৈ কি কি বস্তু লগত ৰাখিব-
১. আদাৰ (Ginger) ব্যৱহাৰ সাধাৰণতে চাহ আৰু পাচলিৰ সুগন্ধি আনিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু ই এক মহান আয়ুৰ্বেদিক ঔষধ। যদি আপুনি ওকালি অহা বা বমি অনুভৱ কৰে, তেন্তে ইয়াক ব্যৱহাৰ কৰি সকাহ পাব পাৰে। ইয়াৰ বাবে, আপুনি যাত্ৰাৰ সময়ত কেঁচা আদা বেগত ৰাখিব। যেতিয়াই আপোনাৰ বমি অহাৰ অনুভৱ হয় তেতিয়া আপুনি অলপ আদা চোবাব পাৰে। যদি আপোনাৰ এনে কৰাত সমস্যা হয়, তেন্তে আপুনি আদাৰ গৰম পানী বা চাহো ল’ব পাৰে।
২. যদি আপুনি গাড়ী, বাছ বা আন কোনো বাহনেৰে দূৰণিবটীয়া যাত্ৰা কৰিবলৈ ওলাইছে তেন্তে নিজৰ বেগত ২-৪টা কল (Banana) ৰাখিব নাপাহৰিব। যেতিয়া আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়া এই কলবোৰ আপোনাৰ বাবে অতি উপযোগী হ’ব।
৩. ভিটামিন-চি প্ৰচুৰ পৰিমাণে নেমুত (Lemon) পোৱা যায়, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ ৰস খালে বা চেলেকিলে অস্থিৰতা, বমি আৰু ওকালি অহাত যথেষ্ট লাভ হয়। যেতিয়াই আপুনি যাত্ৰাত বাহিৰলৈ যায় আৰু শিশুসকল লগত যায়, আপোনাৰ বেগত ১-২টা নেমু লওঁক।
৪. যদি আপোনাৰ গেছ আৰু এচিডিটীৰ সমস্যা আছে তেন্তে যাত্ৰাৰ সময়ত জৰুৰী ঔষধ লগত ৰাখক আৰু চিকিৎসকৰ পৰামৰ্শত খাওক।
৫. যদি আপোনাৰ যাত্ৰাৰ সময়ত প্ৰায়ে বমি হয় তেন্তে মুখত ইলাইচী এটা ভৰাই থওক আৰু এইটোৱে বমি অহাৰ ভাব দূৰ কৰিব।
৬. ফুৰিবলৈ যোৱাৰ দিনা পুৱা খালী পেটত আধা চামুচ আজৱাইন আৰু ক’লা নিমখ মিহলি কৰি খাওক, ই গেছ সম্পৰ্কীয় সমস্যা সৃষ্টি নকৰিব।
৭. ফুৰিবলৈ গৈ থাকোতে আপোনাৰ শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিব, পানী বা ফলৰ ৰস যিমান পাৰে খাব।
৮. ভ্ৰমণৰ সময়ত নেমু, কমলা, মৌচুমীৰ দৰে টেঙা ফল বেগত ৰাখিব আৰু মাজে-মাজে খাই থাকিব।
৯. ফুৰিবলৈ যোৱাৰ দিনা পুৱা আধা গিলাচ পানীত এক চামুচ আপেল ভিনেগাৰ মিহলি কৰি খাওক, ই পাচন তন্ত্ৰ সঠিক ৰাখিব।
১০. ফুৰিবলৈ যোৱাৰ আগতে পুৱা খালী পেটত এণ্টি 2. এচিড টেবলেট খাওক।
ফুৰবিলৈ যোৱাৰ আগত কি কি নাখাব-
১. যেতিয়াই আপুনি দীঘলীয়া যাত্ৰাৰ বাবে যাবলগীয়া হয়, সেই সময়ত আপুনি চাহ আৰু কফিৰ পৰা নিজকে আঁতৰাই ৰাখক কিয়নো ই পাকস্থলীত গেছ সৃষ্টি কৰে যি আপোনাৰ হজম প্ৰক্ৰিয়া নষ্ট কৰে।
২. যাত্ৰাৰ সময়ত ভুলতেও খালী পেটেৰে বাহিৰলৈ নাযাব, সহজে হজম হোৱা কিছুমান বস্তু খাইহে ওলাব। ইয়াৰ দ্বাৰা পেটৰ সমস্যা নহ’ব।
৩. ফুৰিবলৈ যোৱাৰ দিনাখন পুৱা খালী পেটত গৰম গাখীৰ খোৱাৰ পৰা বাচি থাকিব।

