23.3 C
Assam
Friday, October 7, 2022

Featured News

কাৰিকৰী অসুবিধাৰ বাবে জনজাতিৰ মৰ্যাদা লাভ কৰা নাই অসমৰ ৬ জনগোষ্ঠীয়েঃ বিধায়ক দিগন্ত কলিতা

Assamese Newsকাৰিকৰী অসুবিধাৰ বাবে জনজাতিৰ মৰ্যাদা লাভ কৰা নাই অসমৰ ৬ জনগোষ্ঠীয়েঃ বিধায়ক দিগন্ত কলিতা

কাৰিকৰী অসুবিধাৰ বাবে অসমৰ ৬ জনগোষ্ঠীয়ে লাভ কৰা নাই জনজাতিৰ মৰ্যাদা। -এই মন্তব্য শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাৰ।

চৰকাৰৰ সমৰ্থনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিগন্ত কলিতাই কয় যে এয়া কেৱল অসম চৰকাৰে কৰিব পৰা বিষয় নহয়। কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমিলমিলেৰে ৬ জনগোষ্ঠীক শিঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ’ব।

অসমৰ ৰাইজক অলপ সময় আৰু ধৈৰ্য্য ধৰিবলৈ আহ্বান জনাই শাসকীয় দলৰ বিধায়কগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বিচাৰে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো। কিন্তু কোনো কাৰিকৰী কাৰণত সেয়া সম্ভৱ হোৱা নাই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: