Site icon Guwahati Times

‘ক’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীৰ ব্যক্তিত্বৰ বিষয়ে আপুনিও জানি লওঁক

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰটোয়ে তেওঁৰ ব্যক্তিত্বৰ বিষয়ে বহুখিনি প্ৰকাশ কৰে।নামৰ প্ৰথম আখৰৰ পৰা এজন ব্যক্তিৰ প্ৰকৃতি, কেৰিয়াৰ তথা বিবাহৰ সৈতে সম্পৰ্কিত বহুতো কথাই জানিব পাৰি।হয়, এক কথাত ক’বলৈ গ’লে নামৰ প্ৰথম আখৰটোয়েই এজন ব্যক্তিৰ পৰিচয়। আজি ‘ক’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীৰ প্ৰকৃতিৰ বিষয়ে জানো আহক-

স্বভাৱত আৱেগিক

এই ছোৱালীবোৰ খুব আৱেগিক হয়।যাৰ বাবে তেওঁলোকে প্ৰেমত প্ৰতাৰণা লাভ কৰে।

পৰিয়ালকেন্দ্ৰিক

এই ছোৱালীবোৰে তেওঁলোকৰ পৰিয়াল আৰু পিতৃ-মাতৃক সন্মান কৰে।ঘৰৰখনক তেওঁলোকে প্ৰাধান্য দিয়ে।স্পষ্টবাদী হোৱাৰ বাবে কোনো কোনো সময়ত তেওঁলোকে অনাহকত আনৰ কথাও শুনিবলগীয়াত পৰে।

আনক সহায় কৰে

এই ছোৱালীবোৰ স্বভাৱত শান্ত । আনক সহায় কৰাৰ ক্ষেত্ৰতো তেওঁলোক সদায় আগবাঢ়ি থাকে।

নাই কৃত্ৰিমতা

এই ছোৱালীবোৰৰ কথা-বাৰ্তাতেই হওঁক বা আন ক্ষেত্ৰতেই হওঁক, একো কৃত্ৰিমতা নাথাকে। তেওঁলোকৰ ব্যক্তিত্বই অত্ সহজে সকলোকে আকৰ্ষিত কৰিব পাৰে।একেদৰে তেওঁলোকে তেওঁলোকৰ ব্যক্তিত্বৰ সৈতে মিল থকা লোকৰ সৈতে সম্পৰ্ক গঢ়ি তোলে।

ভাল বন্ধু

বন্ধুত্ব গঢ়ি তোলা বা এই সম্পৰ্কক ভালদৰে চলাই নিয়াত খুবেই পাকৈত এই নামৰ ছোৱালী।সেয়েহে, এই নামৰ ছোৱাৰ বন্ধুৰ তালিকাখন খুব দীঘল হয়।

সৃষ্টিশীল

‘ক’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীবোৰৰ অত্যন্ত সৃষ্টিশীল আৰু উৎসাহী। সকলো বিষয়তে তেওঁলোকৰ এক বেলেগ উৎসাহ থাকে।

Exit mobile version