Site icon Guwahati Times

সকলো যুৱতীয়ে শিৱৰ দৰে দৰা পাব বিচৰাৰ ৰহস্য ! – হিন্দু পুৰাণ কথা ।

 

অসমীয়াত এটি প্ৰবাদ আছে যে “দৰা খোজা হুবহু শিৱৰ দৰে” ; এতিয়া প্ৰশ্ন হৈছে মাত্ৰ শিৱৰ দৰে কিয় ব্ৰহ্মা অথবা বিষ্ণুৰ দৰে কিয় নহয় ?

সকলো যুৱতী ছোৱালীৰ ইচ্ছা কৰে যে তেওঁৰ স্বামী তেওঁৰ মনে বিচৰা ধৰণৰ হওঁক , যিয়ে তেওঁৰ প্ৰতিটো কথা শুনিব, যিয়ে তেওঁৰ ভালদৰে যত্ন লব, যিয়ে তেওঁক মৰম কৰিব সন্মান কৰিব । যদিও বাস্তৱত মানুহৰ সকলো চাহিদা পূৰ্ণ নহয় , তথাপি যুৱতী ছোৱালীয়ে সদায় ভগৱান শিৱৰ দৰেই স্বামী এজন আশা কৰে। বেছিভাগ যুৱতী শিৱৰ ভক্ত হৈ থাকে , শিৱৰাত্রিত যুৱতীয়ে গোটেই দিন উপবাস কৰে, শিৱলিংগ ত জল দি শিৱৰ দৰে স্বামী পাবলৈ প্ৰাৰ্থনা কৰে।

এই পৃথিৱীৰ সকলো নাৰীয়ে বিচাৰে যে তেওঁৰ স্বামী সাহসী হওঁক , তেওঁৰ স্বামীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতক প্ৰতিবাদ কৰক ; চকুৰ সন্মুখত কোনো বেয়া কাম দেখিলে বাধা আৰোপ কৰিব পৰা আৰু উপৰোক্ত সমস্ত গুণ ভগৱান শিৱৰ আছিল।

হিন্দু পুৰাণ সমূহত বহুতো ঘটনা প্ৰবাহত দেখা যায় যে ভগৱান শিৱই যেনেদৰে সৃষ্টিৰ পালন কৰে ঠিক বিপৰীতে দুষ্টৰ দমনো কৰে , সেয়ে হয়তো ভগৱান শিৱৰ দৰে পুৰুষকে পছন্দ কৰে নাৰীয়ে। নাৰীয়ে আশা কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ অনুভূতিবোৰক মূল্য দিব, যেনেদৰে স্ত্ৰীক ভালপোৱা দিয়াৰ আৰু স্ত্ৰীৰ অনুৰাগৰ আটাইতকৈ সুন্দৰ নিদৰ্শন হৈছে মহাদেৱ ; তেওঁ যিদৰে পাৰ্বতীক ভাল পাইছিল তেনে ভালপোৱা সকলো যুৱতীৰে পছন্দনীয়।

ভগৱান শিৱ এনে এজন আৰাধ্য যিয়ে কোনোদিনে পশু আৰু দেৱতাসকলৰ মাজত কোনো পক্ষপাতিত্ব কৰা নাছিল , ভেদাভেদ ৰক্ষা কৰা নাছিল ; তেওঁ সর্বদা সকলোৰে কল্যাণৰ কথা চিন্তা কৰিছিল, আনকি বহুবাৰ তেওঁ সংসাৰৰ কল্যাণৰ হেতু নিজে কষ্ট ভোগ কৰিছিল । মহাদেৱ শিৱ অতি শান্ত স্বভাৱৰ যদিও তেওঁ ক্ৰোধিত হৈ পৰিলে সৃষ্টিৰ বিনাশ কৰিব পাৰে , যুৱতীয়ে বিচাৰে তেওঁৰ স্বামী যাতে ঠাণ্ডা স্বভাৱৰ হয় যিয়ে সকলো পৰিস্থিতি শান্তভাৱে মুখামুখি হ’ব পাৰে, লগতে সঠিক সময়ত কোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ খঙো কৰিব পাৰে ।

আচলতে অকল যুৱতীয়ে নহয় যুৱতীৰ অভিভাৱক সকলেও বিচাৰে মনে বিচৰা এজন জোঁৱাই পাবলৈ। শিৱৰাত্রিত উপবাস, শিৱলিংত জল দিয়া, শিৱৰাত্রিৰ ৰাতি উজাগৰী থকা আদি সকলো সময়তে যুৱতীৰ এটাই প্ৰাৰ্থনা যে , ” হে মহাদেৱ, যাতে তোমাৰ দৰে স্বামী লাভ কৰো”।

কিন্তু কেইজনৰ কপালত আছে শিৱৰ দৰে স্বামী , তথাপি আশা কৰা আৰু প্ৰাৰ্থনা কৰাত কিবা দোষ হ’ব নেকি ? নহয়।

Exit mobile version