Site icon Guwahati Times

আপুনিও আপোনাৰ ওজন হ্ৰাস কৰিব বিচাৰে নেকি?

বৰ্তমান সময়ত মেদবহুলতা হৈছে এক সাধাৰণ সমস্যা হৈ পৰিছে। এতিয়া প্রায়ভাগ লোকৰ ই এক গুৰুতৰ সমস্যা হৈ পৰিছে। বিভিন্ন ধৰণৰ ঔষধ, হেল্থ টিপছ আদিৰ সহায় লৈয়ো বহুতে ওজন হ্ৰাস কৰিব নোৱাৰে। এনেক্ষেত্ৰত নেমু- কফিৰ সহায়ত আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে।

নেমু কফি খাবলৈ হ’লে ব্লেক কফিতহে নেমুৰ ৰস সংযোগ কৰিব লাগে। গাখীৰ দিয়া কফিত কেতিয়াও নেমুৰ ৰস মিহলি নকৰিব। নেমুৰ ৰসৰ লগতে কফিত সামান্য পৰিমাণে নিমখো দিব পাৰে। ওজন বৃদ্ধি আৰু হজম ক্ষেত্ৰত নেমু-কফিৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হ’ল-

১/ ওজন হ্ৰাস কৰাৰ বাবে নেমু কফিয়ে বহু পৰিমাণে সহায় কৰে। একাপ কফিত নেমুৰ ৰস দি খালে শৰীৰৰ চৰ্বি বহু পৰিমাণে কমি যায়।

২/ নেমৰ সৈতে কফি খালে মূৰৰ বিষ, ডায়েৰিয়াৰ আদিৰ পৰাও পৰিত্ৰাণ পোৱা যায়। কফি আৰু নেমুত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান আছে। ওজন হ্ৰাসৰ বাবে কফি আৰু নেমু দুয়োটাই উপকাৰী।

৩/ কফি হল সর্বাধিক ব্যৱহৃত পানীয়ৰ ভিতৰত এক অন্যতম। কফিত থকা কেফেইনে হজম শক্তি বৃদ্ধি কৰে। তদুপৰি ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উজ্জীৱিত কৰি মস্তিষ্ক শীতল কৰি ৰখাতো সহায় কৰে।

৪/ প্ৰচুৰ পৰিমাণে নেমুত ভিটামিন ‘চি’ থাকে। তদুপৰি নেমু হৈছে এন্টি অক্সিডেন্টৰ উৎস। ই শৰীৰক সতেজ কৰি ৰখাত সহায় কৰে।

৫/ কফিত থকা কেফেইনে শৰীৰত ভাল পেলোৱা দেখা যায়। অতিমাত্ৰা মূৰৰ বিষত আক্রান্ত হলে একাপ কফিৰ লগত নেমু খালেই বিষৰ পৰা উপশম পাব পাৰি।

Exit mobile version