Site icon Guwahati Times

মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে!

মানুহৰ জীৱনশৈলী যিমানেই আধুনিকৰ পৰা আধুনিকতৰ হৈ পৰিছে, গাড়ীখন সিমানেই অধিকাংশ মানুহৰ জীৱনৰ অংগস্বৰূপ হৈ পৰিছে। কিয়নো গাড়ীখনে আমাৰ জীৱনটোক বহুলাংশে সহজ কৰি তুলিছে ।

ব্যক্তিগত গাড়ী নথকা সকলেও আশা কৰে নিজাকৈ এখন গাড়ী কিনিবলৈ। কিন্তু আপোনাৰ মৰমৰ গাড়ীখনেও কেতিয়াবা ৰোগ মাতি আনিব পাৰে বুলি বাৰু আপুনি জানেনে ? আপুনি বিশ্বাস কৰিবই লাগিব যে আপোনাৰ কাৰখনত ব্যৱহৃত ৰসায়নে কৰ্কট আৰু এজমাৰ দৰে কঠিন ৰোগ মাতি আনিব পাৰে।

এই দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। এক অধ্যয়নৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছে যে কাৰৰ ডেছব’ৰ্ডত এনে কেতবোৰ কেমিকেল। ব্যৱহাৰ কৰা হয়, যিবোৰৰ সংস্পৰ্শলৈ আহিলে আমাৰ হৰম’নত নেতিবাচক পৰিবৰ্তন হোৱাৰ আশংকা বৃদ্ধি পায়।

গৱেষকসকলৰ মতে, ফেথেলেট (Phthalate) নামৰ ৰসায়নবিধে মহিলাৰ প্ৰজনন ক্ষমতা নষ্ট কৰিব, পাৰে। লগতে ইয়াৰ দ্বাৰা শিশুৰ মাজত ব্লাড কেন্সাৰৰ আশংকা বৃদ্ধি পায়।

গাড়ীৰ উপৰি কেতবোৰ পুতলা, ছানগ্লাছ আৰু কার্পেটতো এই ৰসায়ন- পোৱা যায়। সেয়ে এনে ৰসায়ন ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই। যাতে ভৱিষ্যত প্ৰজন্মক কঠিন ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যায়।

Exit mobile version