এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ হৈ যাব; ৩১ ডিচেম্বৰৰ পিছত Gpay, PhonePe আদিৰে কৰিব নোৱাৰিব লেনদেন।
নতুন বর্ষত হ’বলগীয়া বিভিন্ন পৰিৱৰ্তনৰ ক্ষেত্রত এইটো অন্যতম। দুমাহ পূর্বেই NPCI-এ এই সন্দর্ভত এবছৰ ধৰি নিষ্ক্রিয় UPI ID চিনাক্ত কৰিবলৈ নির্দেশ দিছিল বেংকসমূহক।
এবছৰে UPI ID ব্যৱহাৰ নকৰা গ্ৰাহকৰ সেই UPI ID বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে। ভুল ব্যক্তিলৈ যাতে ধন নাযায়, তাৰে বাবে লোৱা হৈছে এই ব্যৱস্থা।