Site icon Guwahati Times

শেৱালি ফুল আৰু পাতৰ ঔষধি গুণ…

প্ৰকৃতিৰ বুকুলৈ সৌন্দৰ্যৰ সম্ভাৰ কঢ়িয়াই অনে শৰৎ ঋতুয়ে। শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস।

শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। কুলিৰ মাতে বসন্ত অহাৰ আগজাননী দিয়াৰ দৰে শেৱালিৰ সুবাসে ইংগিত দিয়ে শৰতৰ আগমনৰ। শেৱালি ফুল যিদৰে দেখিবলৈ মনোমোহা সেইদৰে ইয়াৰ গুণগুণো অতি উচ্চ। কেৱল শেৱালি ফুলৰেই নহয় ইয়াৰ পাতৰো আছে বহুতো ঔষধি গুণ।

এতিয়া জানো আহক শেৱালি ফুলৰ পাতৰ উপকাৰীতা সম্বন্ধে –

১) আয়ুৰ্বেদিক তথা বিভিন্ন ঔষধৰ বাবে শেৱালি ফুলৰ পাত অতি উপকাৰী।

২)ঠাণ্ডা লাগি জ্বৰ , চৰ্দি , কাহ আদি হ’লে ৰোগীয়ে মৌৰ লগত শেৱালি ফুলৰ পাত মিশ্ৰণ কৰি খালে যথেষ্ট উপশম পায়।

৩) মৃৰ্গী ৰোগীক শেৱালি ফুলৰ ৰস খুৱালে এই ৰোগ যথেষ্ট আৰোগ্য হয়।

৪)বাত বিষ বা গাঁঠিৰ বিষ আদিত শেৱালি ফুলৰ পাত অতি উপকাৰী।

৫)বদহজম হ’লে , বমি হ’লে শেৱালি ফুলৰ পাতৰ ৰস খালে পাচন ক্ৰিয়াত যথেষ্ট উপকাৰ পোৱা যায়।

৬)মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো শেৱালি গছৰ পাত উপকাৰী।

বহুতো ক্ষেত্ৰত শেৱালী ফুলৰ লগতে পাত অতি উত্তম ।

Exit mobile version