Site icon Guwahati Times

APSCত শীৰ্ষস্থান দখল কৰা ৰচিকাই দৈনিক কিমান সময় পঢ়িছিল!

ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল (APSC Results 2022)। ACS, APS আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে সৰ্বমুঠ ৯১৩গৰাকী প্ৰাৰ্থী নিযুক্তিৰ বাবে চৰকাৰলৈ নাম প্ৰেৰণ কৰিছে আয়োগে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰে ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ ৰছিকা ইছলামে।

মাটিয়াবাগৰ বাসিন্দা তথা সেনা বাহিনীৰ প্ৰাক্তন কৰ্ণেল ছাইদুল ইছলাম আৰু ৰাইহানা ইছলামৰ কন্যা ৰছিকা ইছলামে অসম লোকসেৱা পৰীক্ষাত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰচিকা ইছলামৰ এই সাফল্যত উৎফুল্লিত হৈছে সমগ্ৰ গৌৰীপুৰবাসী।

ৰচিকা ইছলামৰ স্বামী ৰোছুন উল আলম এগৰাকী নিৰ্বাচনী বিষয়া। ৰচিকা ইছলামে ইণ্টাৰনেটতে পঢ়া শুনা কৰাৰ লগতে নিৰ্ধাৰিত কোনো সময় নোহোৱাকৈ প্ৰতিদিনে ৪/৫ঘণ্টাকৈ অনুশীলন কৰি আহিছিল।

উল্লেখ্য যে যোৱা ২০২০-২১ বৰ্ষত ৰচিকাই এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ কৰ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। যোৱা দুবছৰ ধৰি ৰচিকা ইছলামে ধুবুৰী ছেল টেক্স কাৰ্যালয়ত চাকৰি কৰি আহিছে।

Video: https://www.facebook.com/reel/734745961658652

Exit mobile version