Site icon Guwahati Times

সৌন্দৰ্য বৃদ্ধিত আপেলেও গ্ৰহণ কৰে গুৰুতৰ ভূমিকা…

শীতকালত শুকান বতাহৰ ফলত আমাৰ ছাল শুকান হৈ পৰে। এই দিনকেইটাত তুলনামূলকভাৱে অধিকাংশ লোকেই কম পানী খায়, যাৰ ফলত মুখমণ্ডলৰ সৌন্দৰ্য কমি যায়। আপুনি যিমানেই ময়েশ্চাৰাইজাৰ ব্যৱহাৰ নকৰক কিয়, ছালৰ উজ্জ্বলতা ঘূৰি নাহে। ইয়াৰ কাৰণ হৈছে যে ময়েশ্চাৰাইজাৰত কৃত্ৰিম উপাদান থাকে, যিয়ে ছালক গভীৰভাৱে পুষ্টি প্ৰদান নকৰে। শীতকালত মুখৰ উজ্জ্বলতা বৰ্তি থাকিবলৈ আপুনি মুখত আপেল প্ৰয়োগ কৰিব পাৰে।সৌন্দৰ্য বৃদ্ধিত আপেল কিদৰে ব্যৱহাৰ কৰিব লাগে, আজি জানো আহক-

নিৰস ছালৰ গৰাকীয়ে এইদৰে ব্যৱহাৰ কৰক আপেলৰ মাস্ক

এই মাস্ক তৈয়াৰ কৰিবলৈ লাগতিয়াল সামগ্ৰীসমূহ-

.গাখীৰ

.আপেল

.ওটমিল পাউডাৰ

কিদৰে প্ৰস্তুত কৰিব

– প্ৰথমতে আপেলটো ভলদৰে পিছি ল’ব।

– তাৰ পাছত ইয়াত গাখীৰ আৰু ওটমিল পাউডাৰ ভালদৰে মিহলি কৰিব।

– এতিয়া এই মাস্কটো ২০ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰিব।

– নিৰ্দিষ্ট সময়ৰ পাছত চাফা পানীৰে মুখখন ধুই পেলাব।

উজ্জ্বল ছাল পাবৰ বাবে ব্যৱহাৰ কৰিব এই ফেচ মাস্ক

এই মাস্ক তৈয়াৰ কৰিবলৈ লাগতিয়াল সামগ্ৰীসমূহ-

-আপেল

-মৌ

-ডালচেনি

কিদৰে প্ৰস্তুত কৰিব

– এটা আপেল ভালদৰে পিছিল লৈ এটা বাতিত উলিয়াই ল’ব।

– ইয়াৰ পাছত বাতিটোত ২ চামুচ মৌ আৰু আধা চামুচ ডালচেনি পাউডাৰ মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি লব।

– ইয়াৰ পিছত এই পেষ্টটো মুখ, ডিঙি আৰু হাতত লগাব।

– ১৫ মিনিটৰ বাবে এনেদৰে ৰাখি কুহুমীয়া পানীৰে ভালদৰে ধুই পেলাব।

ছালখন ভিতৰৰ পৰা পৰিস্কাৰ কৰিবৰ বাবেও আপুনি আপেলৰ ফেচ মাস্ক লগাব পাৰে।

এই মাস্ক তৈয়াৰ কৰিবলৈ লাগতিয়াল সামগ্ৰীসমূহ-

আপেল

দৈ

নেমুৰ ৰস

কিদৰে প্ৰস্তুত কৰিব

– আপেলটো মিস্কাৰত ভলদৰে পিছি ল’ব।

– এতিয়া ইয়াত এক চামুচ দৈ আৰু এক চামুচ নেমুৰ ৰস ভালদৰে মিহলি কৰিব।

– এই ফেচ মাস্কটো মুখৰ সৈতে ডিঙিতো প্ৰয়োগ কৰিব।

– প্ৰায় ১৫-২০ মিনিটৰ বাবে এনেদৰে ৰাখি পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব।

Exit mobile version