Site icon Guwahati Times

সাৱধান! ডায়েবেটিছৰ ফলতো চুলি সৰে…

ডায়েবেটিছঃ ডায়েবেটিছৰ ফলত হোৱা কিছুমান সমস্যাৰ বাবে চুলি সৰিব পাৰে। ডায়েবেটিছত তেজত চেনিৰ পৰিমাণ বেছি হোৱা, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ লগতে ৰক্ত সঞ্চালনত সমস্যাৰ বাবে চুলি সৰাব পাৰে। ডায়েবেটিছত উচ্চ তেজত চেনি, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু ৰক্ত সঞ্চালনত সমস্যাৰ বাবে চুলি সৰাব পাৰে। মানসিক চাপ বা গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তন হ’লে অত্যধিক চুলি সৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে চুলি সৰা টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ দুয়োটাৰে লক্ষণ হ’ব পাৰে। ইয়াৰ ফলত এলোপেচিয়াও হ’ব পাৰে, য’ত মূৰৰ চুলি সম্পূৰ্ণৰূপে সৰি পৰে। গতিকে জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱা উচিত-

টাইপ ১ ডায়েবেটিছত অটো-ইমিউন ডিছঅৰ্ডাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যাৰ বাবে এলোপেচিয়া এৰিয়েটাৰ আশংকা থাকিব পাৰে। ইয়াত ৰোগ প্ৰতিৰোধ ক্ষমতাই চুলিৰ গুৰিটোক আক্ৰমণ কৰিব পাৰে। যাৰ বাবে মূৰৰ ছাল আৰু শৰীৰৰ অন্যান্য অংশত চুলি পৰিবলৈ আৰম্ভ কৰে।

হাইপাৰগ্লাইচেমিয়া অৰ্থাৎ উচ্চ তেজৰ চেনি ইনচুলিনৰ অভাৱ, ইনচুলিন প্ৰতিৰোধ ক্ষমতা বা দুয়োটাৰে বাবে হ’ব পাৰে। ইয়াত মাইক্ৰ’ভেছকুলাৰ আৰু মেক্ৰ’ভেছকুলাৰ অৰ্থাৎ সৰু আৰু ডাঙৰ নাড়ীবোৰ ক্ৰমান্বয়ে ক্ষতিগ্ৰস্ত হয়। যাৰ ফলত ভৰিৰ ৰক্তবাহী নলীৰ ক্ষতি হয়। ইয়াৰ ফলতো চুলি সৰাব পাৰে।

ডায়েবেটিছৰ বাবে থাইৰয়ডৰ বিকাৰ হয়। থাইৰয়ড হৰম’নৰ মাত্ৰাত ব্যাঘাত জন্মাৰ বাবেও চুলিত প্ৰভাৱ পৰে। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰতো ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা অধিক হ’ব পাৰে। ইয়াৰ ফলত ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু অতিৰিক্ত কৰ্টিছলে চুলিৰ গুৰিৰ ক্ষতিসাধন কৰি চুলি সৰাব পাৰে।

ডায়েবেটিছত চুলি সৰা কেনেকৈ প্ৰতিৰোধ কৰিব-

ব্লাড চুগাৰ মেনেজ কৰি চুলি সৰা ৰোধ কৰিব পাৰি
যোগাসন আৰু ব্যায়ামৰ দ্বাৰা চুলি সৰা ৰোধ কৰিব পাৰি

Exit mobile version