Site icon Guwahati Times

আমি অহংকাৰী কিয় ?

প্ৰাইম ভিডিঅ’ত ” অম্মু” নামৰ তেলেগু চিনেমাখনত অত্যাচাৰী এজন স্বামীৰ দ্বাৰা পত্নী প্ৰহৃত হোৱা দেখুওৱা হৈছে। চিনেমা একোখন যিহেতু সমাজৰে প্ৰতিফলন, গতিকে বুজা গ’ল যে পতিৰ হাতত কেৱল অসমীয়া মহিলাই প্ৰহৃত নহয়, দক্ষিণ ভাৰততো একেই দশা!

প্ৰশ্ন হয় কেৱল পতি পত্নীৰ মাজতেই মাৰপিত হয় নেকি? পুৰুষ-মহিলা, পতি-পত্নী নিৰ্বিশেষে যিকোনো এজন ব্যক্তিয়ে যেতিয়া আন এজন ব্যক্তিলৈ মাৰিবলে উদ্যত হয়, ই কেৱল খঙৰ বহি:প্ৰকাশেই নে? নে অন্য কিবা?

অফিচত কামৰ বোজা বা কৰ্মজীৱনৰ অত্যাধিক চাপৰ বাবেহে পত্নীৰ ওপৰত পতিয়ে হাত তোলে বুলি ‘আম্মু’ৰ দৰে বহু পত্নীয়ে নিজ স্বামীক ক্ষমা কৰি দিব বিছাৰে যদিও প্ৰকৃতাৰ্থত এজন লোকে আন এজন ব্যক্তিৰ ওপৰত কৰা শাৰীৰিক অত্যাচাৰ বা মানসিক অত্যাচাৰ দুয়োটাই প্ৰকৃততে অহংকাৰৰ চৰমতম নিন্দনীয় প্ৰতিফলন।

মানুহ আৰু সমাজৰ ক্ৰমবিকাশৰ লগে লগে অহংকাৰেও সমানেই মানুহৰ মগজুত খোপনি পুতিলে। নিজৰ অজ্ঞাতেই প্ৰতিজন লোকে একোটা টুপী পৰিধান কৰি ফুৰে। জ্ঞানী, শিক্ষিত, সৌন্দৰ্যশালী, ঐশ্বৰ্যশালী আদি বেলেগ বেলেগ ৰঙৰ অহংকাৰৰ টুপী একোটা আমি মূৰত পিন্ধি ফুৰোঁ। ঈৰ্ষা, হিংসা আৰু অহংকাৰৰ ত্ৰিভূজত আমি ক’ব নোৱাৰাকৈয়ে সোমাই পৰোঁ। প্ৰকৃত জ্ঞানৰ পোহৰ পোৱাসকলে নিজকে এই ত্ৰিভূজৰ বাহিৰত ৰাখিবলৈ সক্ষম হয় আৰু নিৰৱে জীৱন নিৰ্বাহ কৰে। তেওঁলোকে অহংকাৰক জয় কৰিব পাৰে আৰু প্ৰকৃত জ্ঞানী লোক হিচাপে বিবেচিত হয়।

অহংকাৰ আৰু ধ্বংস ইপিঠি সিপিঠি। অহংকাৰে সৃষ্টি নকৰে বৰঞ্চ সৃষ্টিক বিকৃত কৰে। অহংকাৰে মৃত্যক যদি জয় কৰিব নোৱাৰে, অহংকাৰৰ বোজা যদি সমাজে নলয়, পৰিয়ালে নলয় তেন্তে অহংকাৰ কাৰবাবে?কিহৰ বাবে? অহংকাৰী মানুহবোৰ পুতৌ লগাকৈ মূৰ্খ। যিদৰে সুউচ্চ অট্টালিকা বোৰ দেখিলে আকাশে অট্টহাস্য কৰে- ‘তুমি যিমানেই ওখ হোৱাৰ অহংকাৰত মজি নাথাকা কিয়, মোক জানো স্পৰ্শ কৰিব পাৰিবা??

কামবোৰ কৰিমেই বোলা অহংকাৰবোৰ অহংকাৰ নহয়, অঙ্গীকাৰ হে। কিন্তু অহংকাৰত বুৰ গৈ নিজৰ দায়িত্বক ক্ষমতা বুলি ভৱাৰ যি ধৃষ্টতা, ই মুৰ্খৰ স্বৰ্গত বাস কৰাৰ লেখীয়া কথা। ক্ষমতা আৰু তোষামোদৰ অহংকাৰত গদ্‌গদ্‌ হৈ কাৰোবালৈ দালি ভাত দলিওৱা কাৰ্যত বীৰত্ব ক’ত? ই অহংকাৰৰ চূড়ান্ত নিদৰ্শন। এনে লোক বাটে-ঘাটে সকলোতে পোৱা যায়। কিন্তু সমাজে তেওঁলোকক কেতিয়াও গ্ৰহণ নকৰে।বৰঞ্চ সমাজৰ বাবে তেওঁলোক আবৰ্জনাহে।

‘অম্মু’ৰ অহংকাৰী পতিজন কেৱল এজন আৰক্ষী বিষয়া আৰু অত্যাচাৰী পতিয়ে নহয়, তেওঁ সমাজৰ সেই প্ৰতিজন অহংকাৰী বাস্তৱ চৰিত্ৰৰ প্ৰতীকীৰূপ, যাৰ জীৱনৰ পৰৱৰ্তী কালছোৱা বৰ পুতৌ লগা। এইসকল লোকে জীৱনৰ শেষ সময়কণৰ সন্ধিয়াবোৰ বেলকনিত পৰিত্যক্ত হৈ বহি ৰয় আৰু অকলশৰীয়া প্ৰাত:ভ্ৰমণত নিৰ্জীৱ লাঠী এডালক সংগী কৰি লয়। সমাজৰ লগতে পৰিয়ালেও তেওঁলোকক গ্ৰহণ নকৰে।

তেন্তে অম্মুৰ পতিৰ দৰে মানুহবোৰৰ প্ৰয়োজন সমাজত আছেনে? এজন মানুহ কিমান অহংকাৰী হ’লে মানৱীয়তাক ভৰিৰে গচকিব পাৰে তাৰ চেক্‌ লিষ্ট কোনেও বনাব নোৱাৰে!
কিন্তু তেওঁলোকৰ অহংকাৰী টুপীবোৰ খুলিবলৈ আম্মুৰ দৰে সাহসৰ প্ৰয়োজন। সমাজহিতৈষী লোক সকলে নিশ্চিত ভাৱে এনে সাহস দেখুৱাব পাৰে!!

Exit mobile version