Site icon Guwahati Times

মই জীয়াই থকালৈকে পশ্চিমবংগক ‘কা’ কাৰ্যকৰী হ’বলৈ নিদিওঃ মমতা বেনাৰ্জী

লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ নাগৰিকত্ব সংশোধন আইন বিষয়টো চৰ্চালৈ আনিছে। বিজেপিক লক্ষ্য কৰি কয় যে পশ্চিমবংগক তেওঁ কা প্ৰযোজ্য হ’ব নিদিয়ে। উত্তৰ দিনাজপুৰ জিলাৰ ৰায়গঞ্জত এক ৰাজহুৱা সভাত এই কথা উল্লেখ কৰে তেওঁ। লগতে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কা বিষয়টো উত্থাপন কৰিছে যাতে ইয়াৰ দ্বাৰা লাভান্বিত হ’ব পাৰে।

তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কা, এনআৰচি বিষয় উত্থাপন কৰিছে আৰু এয়া ৰাজনীতিৰ বাহিৰে আন একো নহয়। লগতে কয়, “মই স্পষ্ট কৰি দিওঁ যে যেতিয়ালৈকে মই জীয়াই আছো, তেতিয়ালৈকে পশ্চিম বংগত কা কাৰ্যকৰী হ’বলৈ নিদিও।”

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা শান্তনু ঠাকুৰে কৈছিল যে আগন্তুক কেইটামান দিনৰ ভিতৰত দেশক কা কাৰ্যকৰী হ’ব। ঠাকুৰৰ এই মন্তব্যৰ ওপৰতে প্ৰতিক্ৰিয়া আগবঢ়াই বেনাৰ্জীয়ে।

Exit mobile version