Site icon Guwahati Times

দিনৰ ভাগত কৰ্মক্ষেত্ৰত আপোনাৰো টোপনি ধৰে নেকি! যদি ধৰে তেন্তে কৰক এই কেইটা কাম, টোপনি দূৰ হ’ব আপোনাৰো

দিনৰ ভাগত কৰ্মক্ষেত্ৰত আপোনাৰো টোপনি ধৰে নেকি? যদি ধৰে তেন্তে আপুনিও অবলম্বন কৰক এই কেইটা উপায়, টোপনি দূৰ হ’ব আপোনাৰো।

প্ৰায় বেছি সংখ্যক লোকৰে দিনৰ ভাগত অৰ্থাৎ দুপৰীয়া সময়ত বেছিকৈ ধৰে টোপনি। স্কুল-কলেজৰ শিক্ষাৰ্থী, কৰ্মচাৰীয়ে হওক বা অফিচৰ কৰ্মচাৰীয়ে হওক নহ’লে বা আন বেলেগেই হওক প্ৰায় সকলোৰে টোপনি ধৰে দিনৰ ভাগত। আনকি ঘৰত থকা সময়তো টোপনি ধৰে প্ৰায়সকলৰে। দিনৰ সময়ৰ এই টোপনিয়ে বহু সময়ত সমস্যাৰো সৃষ্টি কৰে। টোপনিৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আছে কেইবাটাও উপায়। দিনৰ ভাগৰ টোপনি দূৰ কৰিবলৈ আপুনিও অবলম্বন কৰক এই কেইটা উপায়,

১.নিতৌ ব্যায়াম কৰক। কাম কৰাৰ আগতে যোগাসন অথবা ব্যায়াম কৰিলে মন সুস্থিৰ থাকে। ই আপোনাক গোটেই দিনটো সক্ৰিয় অনুভৱ কৰাত আৰু আপোনাৰ শৰীৰক সজাগ ৰখাত সহায় কৰে।

২.শৰীৰত হোৱা পানীৰ অভাৱৰ ফলতো টোপনি ধৰিব পাৰে। সেয়ে, নিতৌ বিশেষকৈ কামত থাকোঁতে যথেষ্ট পৰিমাণে পানী খাঁওক।

৩.জিৰণিৰ অবাৱৰ বাবেও টোপনি ধৰিব পাৰে। সেয়ে, কামত বেছি সময় বহি থকাৰ অভ্যাস পৰিহাৰ কৰক কিয়নো ইয়াৰ ফলত বেছি টোপনি অনুভৱ হয়। সেয়ে বিৰতি লওঁক, নিয়মীয়া ব্যৱধানত খোজ কাঢ়িবলৈ লওঁক।

৪.বহু সময়ত টোপনি ক্ষতিৰ বাবে গা বেয়া হয়। সেয়ে সময়মতে শুব। কমেও ৮ ঘণ্টা সঠিক টোপনি যোৱাটো শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ।

৫.দুপৰীয়া গধুৰ আহাৰ পৰিহাৰ কৰক। দুপৰীয়া পাতল আহাৰ গ্ৰহণ কৰক। বিশেষকৈ সিজোৱা শাক-পাচলি, বাদাম, সম্পূৰ্ণ শস্য আদি অন্তৰ্ভুক্ত থাকে।

৬.ঠাণ্ডা পানী মুখত ছটিয়াওক। ই অতি দ্ৰুত আৰু সৰল কৌশল টোপনি দূৰ কৰাৰ। লগতে ঠাণ্ডা পানীৰে মুখ ধুই বাহিৰলৈ ওলাই যাওক। বাহিৰৰ ঠাণ্ডা বতাহক আপোনাৰ মুখ স্পৰ্শ কৰিবলৈ দিয়ক কিয়নো ই মানসিক শান্তি বৃদ্ধি কৰাত সহায় কৰে।

Exit mobile version