Site icon Guwahati Times

আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী তুলসী! কি কি ৰোগৰ মহৌষধ তুলসী!

মানুহৰ সঘনে হোৱা এবিধ ৰোগ হৈছে কাহ-চৰ্দি। বিশেষকৈ শীত কালত মানুহ বেছিকৈ আক্ৰান্ত হয় এই ৰোগত। ঠাণ্ডা লাগিলে, ধূলি লগাৰ ফলতো বহু সময়ত এই ৰোগে দেখা দিয়ে। ঘৰুৱা উপাচাৰৰ জৰিয়তে এলাৰ্জি জনিত এই কাহ-চৰ্দিৰ পৰা পৰিত্ৰাণ পাব পাৰি। বিশেষকৈ তুলসীৰ চাহে এই ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। কিয়নো তুনসীত আছে প্ৰচুৰ পৰিমাণৰ ঔষধি গুণ। তুলসী দিয়া চাহে মানসিক চাপৰ পৰাও সুফল দিয়ে।

তুলসী হৈছে মন, শৰীৰ আৰু আত্মাৰ বাবে টনিক যিয়ে বিভিন্ন সমস্যাৰ সমাধান আগবঢ়ায়। তুলসী সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে বুলি জনা যায়। সেয়েহে ইয়াক বিভিন্ন ৰোগ আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে। অন্যান্য নিৰাময়কাৰী মছলা যেনে মুলেথি, আদা, হলুদৰ সৈতে মিলি তুলসীৰ উপকাৰ বহুগুণে বৃদ্ধি পায়।

তুলসীয়ে বিপাকীয় ক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰে। বিপাকীয় ক্ৰিয়া যিমানেই দ্ৰুত হ’ব সিমানেই কেলৰি জ্বলাবলৈ সহজ হয়। শক্তিৰে ভৰপূৰ তুলসীয়ে স্বাভাৱিকভাৱে হজম শক্তিও বৃদ্ধি কৰে, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়, আৰু বিষমুক্ত কৰাত সহায় কৰে।

Exit mobile version