সর্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকলৈ ৭,৪০০ টকাকৈ গ্রেড পে’

0 min read

সর্বশিক্ষা অভিযান, অসমৰ অধীনৰ প্রাথমিক বিদ্যালয়, প্রাক্ প্রাথমিক বিদ্যালয় আৰু নিম্ন বুনিয়াদী (জুনিয়ৰ বেছিক) বিদ্যালয়সমূহত কর্মৰত ঠিকাভিত্তিক শিক্ষকসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে৷ এই শিক্ষকসকলৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰি ৰাজ্য চৰকাৰে তেওঁলোকৰ গ্রেড পে’ বৃদ্ধি কৰিছে৷ প্রাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা জাননী অনুসৰি প্রশিক্ষণপ্রাপ্ত স্নাতক ঠিকাভিত্তিক শিক্ষকসকলে এতিয়াৰে পৰা লাভ কৰিব ৭,৪০০ টকা গ্রেড পে’৷ আনহাতে, অপ্রশিক্ষণপ্রাপ্ত স্নাতক শিক্ষকসকলে লাভ কৰিব ৬,৮০০ টকাৰ গ্রেড পে’৷ প্রশিক্ষণপ্রাপ্ত কিন্তু স্নাতক ডিগ্রী নথকা শিক্ষকসকলেও এই গ্রেড পে’ লাভ কৰিব৷ অপ্রশিক্ষণপ্রাপ্ত শিক্ষকসকলে ৬,২০০ টকা গ্রেড পে’ হিচাপে লাভ কৰিব৷ ইয়াৰ পূর্বে ঠিকাভিত্তিক এই শিক্ষকসকলে ৬,২০০ টকা গ্রেড পে’ হিচাপে লাভ কৰি আহিছিল৷ ৰাজ্য চৰকাৰৰ এই নতুন নির্দেশনা ২০১৭ চনৰ এক এপ্রিল পৰা কার্যকৰী হ’ব৷

উল্লেখ্য যে গ্রেড পে’ নির্ধাৰণৰ বাবে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলে প্রতিবাদ সাব্যস্ত কৰি আহিছিল৷ গ্রেড পে’ নতুনকৈ নির্ধাৰণ কৰি নির্দেশনা জাৰি কৰাৰ পাছতে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰিছে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজ আৰু অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ এক বিবৃতিত প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ সভাপতি ত্রৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদকদ্বয় মিৰাজুল ৰছিদ আৰু দীপার্ণৱ ঘোষে কয় যে সপ্তম দৰমহা আয়োগে নির্ধাৰণ কৰি দিয়া গ্রেড পে’ বিষয়টো কার্যকৰী হোৱাৰ সময়ত দৰমহা সংশোধনী সমিতিৰ বিচাৰাধীন হৈছিল৷ পৰৱর্তী সময়ত এই সমিতিয়ে নির্ধাৰণ কৰি দিয়া গ্রেড পে’ নিয়মীয়া শিক্ষকসকলে লাভ কৰি আহিছে যদিও ঠিকাভিত্তিক টেট শিক্ষকসকলে লাভ কৰা নাছিল৷ ইয়াৰ বাবে বহুবাৰ স্মাৰক–পত্র প্রদান কৰা হৈছিল৷ সংগঠনটোৰ দীর্ঘদিনীয়া প্রচেষ্টাৰ অন্তত সমিতিয়ে নির্ধাৰণ কৰি দিয়া মতে দৰমহা প্রদান কৰিবলৈ বিভাগীয় অনুমোদন প্রদান কৰিছে৷ দীর্ঘদিনীয়া এই দাবীৰ গুৰুত্ব বুজি সমাধান কৰাৰ বাবে শিক্ষক সংগঠনটোৱে শিক্ষামন্ত্রী ড০ শর্মাৰ লগতে শিক্ষা বিভাগৰ প্রধান সচিব, সর্বশিক্ষাৰ সঞ্চালক আৰু শিক্ষা বিভাগৰ আয়ুক্ত সচিবক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

ইফালে, আন এক বিবৃতিৰ জৰিয়তে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে৷ এক বিবৃতিত তেওঁ কয়–‘ঠিকাভিত্তিক শিক্ষকসকল প্রাপ্য গ্রেড পে’ৰ পৰা দীর্ঘদিন ধৰি বঞ্চিত হৈ আছিল৷ বিভিন্ন সময়ত তেওঁলোকৰ প্রাপ্য প্রদানৰ বাবে দাবী জনাই অহা হৈছিল যদিও বিভাগে কর্ণপাত কৰা নাছিল৷ ৰাজ্য চৰকাৰে এই সন্দর্ভত যাৱতীয় নির্দেশনা প্রদান কৰিবলৈ লোৱা সিদ্ধান্তক আমি আদৰণী জনাইছোঁ৷’ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই সর্বশিক্ষা অভিযানৰ অধীনত কর্মৰত ৩০ সহস্রাধিক শিক্ষকক উপকৃত কৰিব৷ ইফালে, নেচনেল পেন্সন ব্যৱস্থাৰ অধীনৰ কর্মচাৰীসকললৈও সুখবৰ খবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে৷ এই নতুন পেন্সন ব্যৱস্থাৰ অধীনত ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলে অৱসৰকালীন গ্রেছুইটী আৰু মৃত্যুত গ্রেছুইটী লাভ কৰিব৷ এই সন্দর্ভত আজি যাৱতীয় ‘কার্যালয় স্মাৰক’ প্রকাশ কৰা হৈছে৷

You May Also Like

More From Author