Site icon Guwahati Times

কুঁৱা, পুখুৰী, দমকল আদি ঘৰৰ কোন দিশত থকা উচিৎ? জানো আহক বাস্তুৰ বিধান

দিশ অনুযায়ী বাস্তুৰ অৱস্থান নির্ণয় কৰাটো অতি প্ৰয়োজনীয় কথা। পঞ্চ তত্ত্বৰ ওপৰত ভিত্তি কৰি বাস্তুৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিলে মানুহেবিভিন্ন ধৰণৰ আহুকালৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। সেইবাবে গৃহ আদি নিৰ্মাণ কৰাৰ সময়ত সদায় দিশ অনুযায়ী বাস্তুৰ স্থান নির্ণয় কৰি ল’ব লাগে।

উত্তৰ-পূবঃ উত্তৰ-পূব দিশটো বাস্তু বিজ্ঞান অনুযায়ী পানীৰ স্থান। সেইবাবে উত্তৰ- পূব দিশত কুঁৱা, পুখুৰী, দমকল আদি স্থাপন কৰিব লাগে।

উত্তৰ-পশ্চিমঃ বাস্তু বিজ্ঞান অনুসৰি উত্তৰ-পশ্চিম দিশটো হৈছে বায়ু কোণ। সেয়ে এই দিশটো আবদ্ধ কৰি ৰাখিব নালাগে। এই দিশটো আবদ্ধ কৰি ৰাখিলে ঘৰৰ চৌহদত বায়ু ভালদৰে চলাচল কৰিব নোৱাৰিব। সেয়ে এই দিশটো সদায় খোলা অৱস্থাত ৰাখিব লাগে। এনে দিশত ভঁৰালঘৰ, অতিথিশালা আদি স্থাপন কৰিব পাৰি।

দক্ষিণ-পূব : বাস্তু বিজ্ঞান অনুসৰি দক্ষিণ-পূব দিশটো হৈছে অগ্নি স্থান। এই স্থানত সেয়ে ৰান্ধনি ঘৰ, হিটাৰ, হিট চেম্বাৰ, বয়লাৰ আদিকে ধৰি উত্তাপ সৃষ্টি কৰা গৃহ স্থাপন কৰিব লাগে।

দক্ষিণ-পশ্চিম দক্ষিণ-পশ্চিম দিশটো বাস্তু বিজ্ঞানৰ মতে ভূমিৰ স্থান। এই স্থানত বাসভৱন আদি তৈয়াৰ কৰিব পাৰি। বাস্তু বিজ্ঞানৰ মতে ব্ৰহ্ম স্থান হৈছে বাসগৃহ এটাৰ কেন্দ্ৰ স্থল। এই কেন্দ্রস্থলত কোনোধৰণৰ প্ৰতিবন্ধকতা, যেনে- দেৱাল, খুঁটা আদি স্থাপন কৰিব নালাগে।

Exit mobile version