Site icon Guwahati Times

ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত

পশ্চিম বংগৰ জীয়ৰী কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ বৰ্তমান অসমৰ এটা চিনাকি নাম। জুবিন গাৰ্গৰ গীত গাই বৰ্তমান যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে মৰ্মিতাই।

মৰ্মিতা আৰু তেওঁৰ স্বামী অমিতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়াইছে ৫০,০০০ (পঞ্চাশ হাজাৰ) টকা।

এই কথা সামাজিক মাধ্যমযোগে জনাইছে প্ৰাক্তন আলফা জিতেন দত্তই। জিতেন দত্তই কয়, মৰ্মিতাৰ স্বামী অমিতে ৫০ হাজাৰ টকা আগবঢ়োৱাৰ কথা অবগত কৰিছে আৰু লগতে ৰাজীৱৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কৈছে যে এদিন ৰাজীৱৰ ঘৰলৈ গৈ পৰিবাৰক লগ কৰিব।

জিতেন দত্তই কয়, মৰ্মিতা আৰু তেখেতৰ স্বামীৰ এই মহানুভৱতাক আমি চেলুট দিছোঁ। অহা ১৫ তাৰিখে মৰ্মিতা অসমলৈ আহিব আৰু ১৬ তাৰিখে গুৱাহাটীত আমাৰ হাতত ফাউণ্ডেশ্যনৰ বাবে ৫০,০০০ টকাৰ চেক প্ৰদান কৰিব।

মৰ্মিতাৰ দৰে আমাৰ অসম শিল্পী সমাজেও যি পাৰে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ সাহায্য আগবঢ়োৱাৰ বাবে আহ্বান জনায় জিতেন দত্তই।

তেওঁ কয়, ফাউণ্ডেশ্যনটোৰ জৰিয়তে ৰাজীৱৰ পৰিয়ালটোৰ ভবিষ্যৎ সুনিশ্চিত কৰিব পৰা যাব। ফাউণ্ডেশ্যনটোৰ কৰ্তৃত্ব ৰাজীৱৰ পৰিবাৰৰ হাতত থাকিব বুলিও উল্লেখ কৰে দত্তই।

Exit mobile version